বৰপথাৰত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Oct 15, 2021, 12:24 PM IST

Drugs

শেহতীয়াকৈ গোলাঘাট জিলাৰ বৰপথাৰত ড্ৰাগছ সম্পৰ্কীয় কেইবাটাও ঘটনা পোহৰলৈ আহিছে । যাৰ বাবে সষ্টম হৈছে বৰপথাৰ আৰক্ষী । এইবাৰ আন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী বৰপথাৰ আৰক্ষীৰ জালত পৰিল ।

সৰুপথাৰ, ১৫ অক্টোবৰ: চাৰিওফালে দুৰ্গা পূজাক লৈ আনন্দ উল্লাহ । কিন্তু ইয়াৰ মাজতে ড্ৰাগছৰ প্ৰসংগই পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে গোলাঘাটত জিলাত । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি আছে যদিও উৎসৱৰ বতৰত একাংশ দুষ্টচক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই গৈছে ।

মহা সপ্তমীৰ দিনটোতে জিলাখনৰ বৰপথাৰত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা । নিশা বন্ধুৰ সৈতে ড্ৰাগছ সেৱন কৰি অৱশেষত মৃত্যুক আঁকোৱালি লৈছিল এজন যুৱকে । এই ঘটনাৰ পাছতে বৰপথাৰ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । অৱশ্যে এই ঘটনাৰ সৈতে জড়িত চাৰিজনক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

ইয়াৰ পাছতে ড্ৰাগছৰ বিৰুদ্ধে পুনৰ সষ্টম হৈ পৰিছে বৰপথাৰ আৰক্ষী । শুকুৰবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক ।

বৰপথাৰ নগৰৰ কালিবাৰীস্থিত কাজল হোটেলত বহি চাহ খাই থাকোতেই আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ছাজিদ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক । অৱশ্যে ছাজিদ আলীৰ সৈতে থকা আন এজন ড্ৰাগছ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী ছাজিদ আলীৰ পৰা মাৰাত্মক ড্ৰাগছৰ লগতে নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

লগতে পঢ়ক:বিজয়া দশমীৰ দিনাই ৰঙিয়াত পিষ্টল-ড্ৰাগছসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.