বিজয়া দশমীৰ দিনাই ৰঙিয়াত পিষ্টল-ড্ৰাগছসহ আটক এজন

By

Published : Oct 15, 2021, 11:05 AM IST

thumbnail

বিজয়া দশমী(Vijaya Dashami)ৰ দিনা পুৱাই এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষী(Rangia Police)য়ে আটক কৰিলে পিষ্টল আৰু ড্ৰাগছসহ এজনক ৷ ৰঙিয়াৰ স্বস্তী হাস্পতালৰ সন্মুখত জীয়াউল হক নামৰ অভিযুক্তজনক আটক কৰে আৰক্ষীয়ে ৷ এখন হিৰ’ হোণ্ডা মটৰ চাইকেলত জব্দকৃত সামগ্ৰীখিনি লুকাই আনিছিল জীয়াউলে ৷ জীয়াউল হকৰ পৰা এটা 7.65 mm পিষ্টল, 6 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু দুটা খালি কণ্টেইনাৰ, 8.66 গ্ৰাম ড্ৰাগছ , 9 জাঁই সজীৱ গুলি আৰু দুটা ম’বাইল ফোন জব্দ কৰা হয় । অধিক তথ্যৰ বাবে বৰ্তমান জীয়াউলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.