ETV Bharat / state

মেৰাপানীত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:42 PM IST

Distribution of ration card: অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত মেৰাপানীত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী ৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগৰ লগতে বিধায়ক বিশ্বজিৎ ফুকন ৷ সাংসদ গৌৰৱ গগৈক কাপুৰুষ, প্ৰতাৰক আখ্যা দিলে বিশ্বজিৎ ফুকনে ৷

distribution-of-ration-card-in golaghat
ৰেচন কাৰ্ড বিতৰণ

ৰেচন কাৰ্ড বিতৰণ

গোলাঘাট, 16 জানুৱাৰী : পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা গ্ৰহণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে গ্ৰহণ কৰা অভিলাষী আঁচনিত গোলাঘাট সমষ্টিৰ বাবে মঙলবাৰে নতুন ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাজ্যৰ বিত্ত, শিশু আৰু মহিলা উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে । মেৰাপানীৰ দৈয়াং কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাংগণত মঙলবাৰে অনুষ্ঠিত এক চৰকাৰী সভাত জিলা সহকাৰী আয়ুক্ত দামোদৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰেচন কাৰ্ডৰ লগতে চৰকাৰৰ বিভিন্ন অভিলাসী আঁচনিসমূহৰ বিষয়ে অৱগত কৰি ইয়াৰ উপযোগিতাসমূহৰ বিষয়ে উল্লেখ কৰে ।

ৰেচন কাৰ্ড লাভ কৰাসকলে কেৱল অন্ন সুৰক্ষাৰ সুবিধাই নহয় ইয়াৰ জৰিয়তে উজ্বলা আঁচনি, আয়ুষ্মান কাৰ্ড আদিৰো সুবিধা লাভ কৰিব । বিশ্বজিৎ ফুকনে এই সভাতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰকো তীব্ৰ সমালোচনা কৰি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈক বতৰৰ কুলিৰ দৰে আৰ্বিভাৱ হোৱা বুলি কটাক্ষ কৰে । গৌৰৱ গগৈয়ে ধিং, ৰূপহীহাট সমষ্টি কৰ্তন হোৱাত কাপুৰুষ তথা প্ৰতাৰকৰ দৰে সমষ্টি এৰি পলায়নৰ যো-জা কৰিছে । গৌৰৱ গগৈয়ে কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে ।

ইয়াৰ পাচতে মন্ত্ৰী অজন্তা নেওগে ভাষণ ৰাখি মহিলাসকলৰ বাবে ৰেচন কাৰ্ড বিতৰণ কৰি নিশ্চিত খাদ্য সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে সদায়ে জনসাধাৰণৰ বাবে কাম কৰি অহা বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাখন অসমৰ পাঁচখন শ্ৰেষ্ঠ জিলাৰ ভিতৰত গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে । তেওঁ গোলাঘাটৰ লগতে সৰুপথাৰ সমষ্টিৰো ব্যাপক উন্নয়ন হোৱা বুলি অৱগত কৰে । আজিৰ অনুষ্ঠানটোত অজন্তা নেওগে গোলাঘাট সমষ্টিৰ বাবে ৭১৯১ খন নতুন ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । সেই অনুসৰি গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধীনত আজি আদৰ্শ গমাৰি পঞ্চায়তত ২২২, অৰুণাচল গাঁও পঞ্চায়তত ১৪৬, দৈয়াং গাঁও পঞ্চায়তত ৯০, মেৰাপানী গাঁও পঞ্চায়তত ২১৩, সৰুপানী গাঁও পঞ্চায়তত ১৯০, চিচুপানী গাঁও পঞ্চায়তত ২২৭, সীমান্ত গাঁও পঞ্চায়তত ২৪, কাছমাৰী গাঁও পঞ্চায়তত ১৯৫, চাউদাংপথাৰ গাঁও পঞ্চায়ত ৩২৫, ৰতনপুৰ গাঁও পঞ্চায়ত ৪১৫ আৰু তৰাণি গাঁও পঞ্চায়তত ১৫৮ খন ৰেচন কাৰ্ড বিতৰণ কৰে ।

এই অনুষ্ঠানত দৈয়াং কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিদূৰ কুমাৰ বৰুৱা, পৰিচালনা সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ ফুকন, সমাজকৰ্মী পোনা বৰা, নিৰঞ্জন সন্দিকৈ, বিবেক ৰাজখোৱা, গমাৰিগুৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি কেশৱ শইকীয়া, দৈয়াং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবংশী, মেৰাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী চম্পা দাস, আঞ্চলিক পঞ্চায়তৰ সদস্য আব্দুল মালিক, গমাৰিগুৰি খণ্ড উন্নয়ন বিষয়া গীতাৰ্থ নাথ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গোলাঘাট জিলাৰ অধীক্ষক শ্বেখ জাফাৰ ইনবুন, পৰিদৰ্শকত্ৰয় ৰাজীৱ সিং, মৃদুল চক্ৰৱৰ্তী আৰু হৰেৰাম ৰজকৰ লগতে এঘাৰখন পঞ্চায়ত আৰু সমবায় সমিতিৰ সচিব, সভাপতিসকলৰ লগতে দুই সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

ইফালে এই অনুষ্ঠানৰ পূৰ্বে দুয়োগৰাকী মন্ত্ৰী-বিধায়কৰ উপস্থিতিত দৈয়াং কনিষ্ঠ মহাবিদ্যালয়ত বিভিন্ন পুঁজিৰে লোক নিৰ্মাণৰ দ্বাৰা নিৰ্মিত এটা অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয় । ইয়াৰ পাচতে মন্ত্ৰী অজন্তা নেওগে দৈয়াং কনিষ্ঠ মহাবিদ্যালয়ৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহত মেৰাপানীৰ সাংবাদিকসকলৰ লগত মত বিনিময় কৰাৰ লগতে মেৰাপানী অঞ্চলটোক সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে দিহা পৰামৰ্শৰে একেলগে কাম কৰাৰ আহ্বান জনায় ।

লগতে পঢ়ক : মঙলদৈত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.