ETV Bharat / state

ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়লৈ পৰিণত হৈছে বৰপথাৰ

author img

By

Published : May 15, 2021, 9:54 PM IST

ড্ৰাগছৰ ঘাটিত পৰিণত গোলাঘাট জিলাৰ বৰপথাৰ ৷ কাণসাৰ নাই বৰপথাৰ আৰক্ষীৰ ।

borpathar-become-centre-for-drugs-paddling
ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়লৈ পৰিণত হৈছে বৰপথাৰ

গোলাঘাট, 15 মে': ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় স্থলীলৈ পৰিণত হৈছে গোলাঘাট জিলাৰ বৰপথাৰ । চকু মুদা কুলিৰ ভাৱত বৰপথাৰ আৰক্ষী । ধনশিৰি মহকুমাৰ বৰপথাৰৰ যুৱ প্ৰজন্মক দিনক দিনে মাৰাত্মক ড্ৰাগছে গ্ৰাস কৰি পেলাইছে । আৰক্ষীৰ নাকৰ তলতে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে মুক্তভাৱে বৰপথাৰৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । কিন্তু ইমানৰ পিছতো কোনো কাণসাৰ নাই বৰপথাৰ আৰক্ষীৰ । শনিবাৰে বৰপথাৰ ডেইলি মাৰ্কেটৰ কাষতে থকা এটা পৰিতক্ত ঘৰত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত চুলতান নামৰ এজন লোকক হাতে লুটে ধৰা পেলাই স্থানীয় ৰাইজে । এই ঘটনাই সমগ্ৰ বৰপথাৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়লৈ পৰিণত হৈছে বৰপথাৰ

উল্লেখযোগ্য যে, আটকাধীন চুলতানে বৰপথাৰ অঞ্চলৰে চুনো নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ পৰা উক্ত নিচাযুক্ত দ্ৰব্য খিনি ক্ৰয় কৰা বুলি স্বীকাৰ কৰিছে । ইফালে কিছু দিন পূৰ্বে আছুৰ উদ্যোগত ধৰা পৰা ড্ৰাগছ সেৱন কাৰীয়েও চুনো নামৰ ব্যৱসায়ী জনৰ নাম উল্লেখ কৰিছিল । কিন্তু এই পৰ্যন্ত বৰপথাৰ আৰক্ষীয়ে চুনো নামৰ ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : ক’ভিড আক্ৰান্ত হৈ কলিয়াবৰত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.