ETV Bharat / state

হাতীৰ বাবে ধানখেতি:গোলাঘাটত হাতীবন্ধুৰ অভিনৱ পদক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 3:48 PM IST

Paddy cultivation for elephants in Golaghat
গোলাঘাটত হাতী মানুহৰ সংঘাত

গোলাঘাটত হাতী-মানুহৰ সংঘাত দূৰ কৰি হাতীৰ লগত মানুহৰ বন্ধুত্ব গঢ়িবলৈ এক বিশেষ প্ৰচেষ্টা হাতীবন্ধু নামৰ সংগঠনটোৰ । দুশ বিঘা মাটিত ধানখেতি কৰিছে হাতীবন্ধুৱে ।

গোলাঘাটত হাতী মানুহৰ সংঘাত

গোলাঘাট, ৬ ডিচেম্বৰ : গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । এই হাতী-মানুহৰ সংঘাত পৰা সৰ্বসাধাৰণৰ জনতাক কিছু পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্য আগত ৰাখি গোলাঘাটৰ থুৰামুখ অঞ্চলত বিগত চাৰি বছৰ ধৰি হাতীৰ খাদ্যৰ বাবে ধানখেতি কৰি হাতী-মানুহৰ সংঘাত কিছু পৰিমাণে ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে হাতীবন্ধু নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে ।

খাদ্যৰ সন্ধানত নামবৰ দৈগ্ৰং বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা শতাধিক বন্যহস্তী থকা এটা জাকে গোলাঘাটৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ বৰ্তমান গোলাঘাট থুৰামুখৰ মিৰিপথাৰত বন্যহস্তীৰ বাবে প্ৰায় দুশ বিঘা মাটিত ধানখেতি কৰিছে হাতীবন্ধুৰ পৰিচালক বিনোদ দুলু বৰাই ৷ এই ধান খাই যাতে সাধাৰণ কৃষকক কোনোধৰণৰ হাৰাশাস্তি নকৰে তাৰ বাবে হাতীবন্ধুৰ বিশেষ প্ৰচেষ্টা ৷

বিগত চাৰি বছৰে থুৰামুখবাসী ৰাইজৰ সহযোগত হাতীবন্ধুয়ে ধানখেতি কৰাৰ ফলত অঞ্চলটোৰ ৰাইজ লাভাম্বিত হোৱাৰ লগতে ৰোধ হৈছে হাতী -মানুহৰ সংঘাত কিছু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে নামবৰ দৈগ্ৰং সংৰক্ষিত বনাঞ্চল ক্ৰমান্বয়ে সংকুচিত হৈ অহাৰ লগে লগে ব্যাপক খাদ্য সংকটত ভুগিছে বন্যহস্তীয়ে । যাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সৰ্বসাধাৰণৰ ৰাইজৰ ঘৰ দুৱাৰ ভাঙি বিনষ্ট কৰিছে বৃহৎ কৃষি পথাৰ ধান খায় তহিলং কৰি আহিছে । এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰাৰ ক্ষেত্ৰত বিয়াগোম বন বিভাগে কোনো ধৰণৰ বাস্তৱ প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক:ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলৰ মাজত কোনো মতান্তৰ নাই; শিৱসেনা উদ্ধৱ থাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.