ETV Bharat / state

দীৰ্ঘদিন ধৰি মেৰামতি নহ'ল উৰিয়ামঘাট-ঘোলাপানী সংযোগী গড়কাপ্তানি পথ

author img

By

Published : Jun 10, 2021, 10:54 PM IST

৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী চি’ চেক্টৰ অন্তৰ্গত ২ নং বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে । কেইবাবছৰ পূৰ্বে উৰিয়ামঘাটৰ ২ নং বৰদণ্ডী অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথটো নদীৰ গৰাখহনীয়াৰ কবলত পৰি ভাঙি গৈছিল । কিন্তু আজিলৈ গুৰুত্বপূৰ্ণ পথটো মেৰামতি নোহোৱাত ক্ষোভিত স্থানীয় ৰাইজ ।

assam_nalagland border bad road
মেৰামতি নহ'ল উৰিয়ামঘাট ঘোলাপানী সংযোগী গড়কাপ্তানী পথ

সৰুপথাৰ, ১০ জুন : দীৰ্ঘদিন ধৰি নিৰ্মাণ নহ'ল অসম-নগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথ । বাৰিষা অহাৰ লগে লগে এতিয়া পুনৰ চিন্তাত অঞ্চলটোৰ ৰাইজ । ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৱৰ্তী চি’ চেক্টৰ অন্তৰ্গত ২ নং বৰদণ্ডী অঞ্চলত ৰেংমা নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে । ৰেংমা নদীৰ গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ বৰদণ্ডী, হাতীডুবি অঞ্চলকে ধৰি বিভিন্ন ঠাইত নদীখনৰ ভৌগোলিক অৱস্থানেই সলনি হৈ পৰিছে ।

বাৰিষাৰ সময়ছোৱাত নদীখনৰ বাঢ়নী পানীয়ে ফেনে-ফুটুকাৰে বিপদ সীমাৰ ওপৰেৰে বৈ অহাৰ ফলত উক্ত অঞ্চল কেইটাত বিশেষকৈ উৰিয়ামঘাটৰ ২ নং বৰদণ্ডী অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানী চেতিয়া গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্তানী পথটো নদীৰ গৰাখহনীয়াৰ কবলত পৰি এটা ভাঙি গৈছিল । ফলত কেইবাবছৰ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ আছে সমগ্ৰ অঞ্চলটো । বৰ্তমানেও উক্ত পথটোৱেদি কোনো যান বাহন চলাচল কৰিব পৰা নাই ।

পথটোৰ ছিগা অংশৰ উপৰিও প্ৰতি বছৰে অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণ ৰূপে নদীত জাহ যায় । কিন্তু সীমান্ত অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথটো পুনৰ ৰ্নিমাণৰ লগতে অঞ্চলটোৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৰাইজে ।

গৰাখহনীয়াৰ কৱলত পৰা হাতীডুবি, বৰদণ্ডী আদি অঞ্চল কেইটাত যদি ক্ষীপ্ৰতাৰে প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে উক্ত অঞ্চলকেইটাত জনসাধাৰণ বাৰিষাত অধিক ক্ষয় ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে ৰাইজে । এনে পৰিস্থিতিত সৰুপথাৰৰ নৱনিৰ্বাচিত বিধায়ক গৰাকীকো এই ক্ষেত্ৰত যথোপযুক্ত পদক্ষেপ হাতত ল'বলৈ সীমান্ত বাসীয়ে দাবী জনাইছে ।

লগতে পঢ়ক:ধাৰষাৰ বৰষুণৰ ফলত 54 নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.