ETV Bharat / state

ধনশিৰি সীমা বিবাদ: কৃষকে ঘূৰাই পাবনে 800 বিঘাকৈ মাটিৰ অধিকাৰ

author img

By

Published : Jul 28, 2020, 8:42 PM IST

ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ বি ছেক্টৰৰ 1নং ছেইনপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সীমান্তৱৰ্তী ধনশিৰি মহকুমাত ৷ আছু,চুতীয়া ছাত্ৰ সন্থা,আটছা,টাই আহোম ছাত্ৰ সন্থাৰ নেতাসকলে সীমান্তৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি আৰু সমস্যা সমাধানৰ বাবে চৰকাৰক কিদৰে বাধ্য কৰাব পাৰি তাক লৈ এক বৈঠকত মিলিত হয় ৷

ধনশিৰি সীমা বিবাদ: কৃষকে ঘুৰাই পাবনে 800 বিঘাকৈ মাটিৰ অধিকাৰ
ধনশিৰি সীমা বিবাদ: কৃষকে ঘুৰাই পাবনে 800 বিঘাকৈ মাটিৰ অধিকাৰ

সৰুপথাৰ, 28 জুলাই : গোলাঘাট জিলাৰ নাগালেণ্ড সীমান্তৰ বি ছেক্টৰৰ 1নং ছেইনপুৰত অসমৰ প্ৰায় 800 বিঘা মাটিত খেতি কৰিব নোৱাৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷ 2জন নগা লোকৰ দাবী অনুসৰি অসমৰ 43টা পৰিয়ালে বিঘাই বিঘাই মাটিত খেতি কৰিবলৈ নোপোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে সীমান্তৱৰ্তী ধনশিৰি মহকুমাত ৷ মঙলবাৰে সৰুপথাৰ সমষ্টিৰ বিধায়িকাই ছেইনপুৰৰ ৰাইজ,গাঁওবুঢা আদিৰ সৈতে এক আলোচনাত মিলিত হৈ সমস্যা অতিশীঘ্ৰে সমাধানৰ ক্ষেত্ৰত চৰকাৰক দাবী জনোৱাৰ কথা ব্যক্ত কৰে ৷

সীমা বিবাদক লৈ বিধায়িকাৰ মন্তব্য

ইফালে আছু,চুতীয়া ছাত্ৰ সন্থা,আটছা,টাই আহোম ছাত্ৰ সন্থাৰ নেতাসকলে সীমান্তৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি আৰু সমস্যা সমাধানৰ বাবে চৰকাৰক কিদৰে বাধ্য কৰাব পাৰি তাক লৈ এক বৈঠকত মিলিত হয় ৷

উল্লেখ্য যে, 2017 চনৰ পৰা গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ 1নং ছেইনপুৰ গাঁৱত 43টা কৃষক পৰিয়ালে প্ৰায় 800বিঘা কৃষিভূমিত খেতি কৰিব পৰা নাই ৷ সীমান্তৰ এই মাটিখিনি দুজন নগা ব্যক্তিয়ে নিজৰ বুলি দাবী কৰি আহিছে ৷ লগতে অসমৰ কৃষকক 50 শতাংশ ধান দাবী কৰি আহিছে নগা দুজনে ৷ কিন্তু নগাক গাঁৱখনৰ কৃষকে ধান দিবলৈ অমান্তি হয় ৷ এই ঘটনাক লৈ অসম আৰু নাগালেণ্ডৰ প্ৰশাসনৰ মাজত কেবালানিও আলোচনা হয় যদিও সেয়া বিফল হয় ৷ ইফালে নগাই অসমৰ গাঁৱখনৰ খেতিপথাৰ নিজৰ বুলি দাবী কৰি অসমৰ কৃষকক উৎপাদিত ধানৰ 50শতাংশ দাবী কৰি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত 2017 চনৰ পৰা তিনি বছৰে এই বৃহৎ কৃষিভূমি বন্ধ কৰি ৰখা হৈছে ৷

সীমা বিবাদক লৈ ছাত্ৰনেতাৰ মন্তব্য

বৰ্তমান সময়ত চলি থকা লকডাউনৰ সময়ছোৱাত কৰ্মহীন হৈ খাদ্য সংকটত ভুগিছে সীমান্তৱৰ্তী 1নং ছেইনপুৰ গাঁৱৰ কৃষকসকল ৷ প্ৰশ্ন হয়,বিবাদমান হিচাপে সম্প্ৰতি বন্ধ কৰি থোৱা ভূমিখিনিত অসমৰ কৃষকে নিজৰ অধিকাৰ ঘূৰাই পাবলৈ সক্ষম হ'বনে ? আজিৰ সময়ত সেয়া এক ডাঙৰ প্ৰত্যাহ্বানৰূপে দেখা দিছে ৷ নাগালেণ্ড সীমান্তত অসমভূমিক কেন্দ্ৰ কৰি নগা আৰু অসমীয়াৰ সংঘাত বহু পুৰণি ৷ কিন্তু সময়ৰ লগত এই সংঘাতে কেতিয়াবা সংবাদৰ শিৰোনাম দখল কৰে আৰু কেতিয়াবা কোনেও নজনা হৈ থাকি যায় ৷ কিন্তু সংঘাত চলি থাকে ৷ ইয়াৰে এক উদাহৰণ অসম নাগালেণ্ড সীমান্তৰ ১ নং ছেইনপুৰ গাঁৱৰ 43 টা পৰিয়াল ৷ তথ্য অনুসৰি বিগত তিনি বছৰে পথাৰত হাল বোৱাৰ পৰা বিৰত ৰখা হৈছে এই 43 টা পৰিয়ালক ৷

লগতে পঢ়কঃ নগাৰ শোষণৰ বলি 43 টাকৈ অসমীয়া কৃষক পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.