ETV Bharat / state

Athkheliya Namghar controversy : আঠখেলীয়া নামঘৰৰ বিতৰ্কৰ ৰহস্য কি ?

author img

By

Published : Sep 20, 2022, 4:17 PM IST

Golaghat
আঠখেলীয়া নামঘৰৰ বিতৰ্কৰ ৰহস্য কি

আঠখেলীয়া নামঘৰৰ বিতৰ্ক অব্যাহত আছে । ইয়াৰ মাজতে আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে (Athkheliya Namghar controversy)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলেও উদ্বেগ প্ৰকাশ কৰিছে ।

গোলাঘাট,২০ ছেপ্টেম্বৰ : গোলাঘাটৰ ঐতিহাসিক আঠখেলীয়া নামঘৰত দুই ফৈদৰ মাজত সংঘাত অব্যাহত আছে (Athkheliya Namghar controversy)। সমিতি গঠনক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত বিবাদ ইমানে বাঢ়ি গৈছে যে আঠখেলীয়া নামঘৰৰ মূল প্ৰৱেশদ্বাৰত এটা পক্ষই তলা ওলমালে । ঐতিহাসিক নামঘৰটোত তলা লগোৱাৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনকি সেৱা নোলোৱাকৈয়ে উভতি যাবলগীয়া হৈছে দূৰ-দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকলে । জানিব পৰা মতে নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে নামঘৰত তলা লগাইছে (Lock at the main gate of Athkheliya Namghar)। উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পাছত পৰিচালনা সমিতি গঠন কৰা পক্ষই দায়িত্ব গ্ৰহণ কৰাত বাধা আৰোপ কৰে কৰ্ণধাৰ সমিতিয়ে ।

উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰত ভাদ মাহৰ নাম-কীৰ্তন চলি থকাৰ মাজতে নামঘৰৰ প্ৰেক্ষাগৃহত অনুস্থিত হৈছিল সাধাৰণ সভা । নামঘৰৰ খেলোৱা ৰাইজৰ মাজত বিভাজন ঘটাৰ বাবে সাধাৰণ সভা এটা পক্ষৰ মাজতে অনুষ্ঠিত হৈছিল । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পৰিচালনা সমিতি গঠন কৰি দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহোঁতে দুই পক্ষৰ মাজত যুদ্ধংদেহী পৰিস্থিতিৰ সূচনা হয় (Tense situation at Athkheliya Namghar)। যাৰ বাবে আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলগীয়া হয় ।

আঠখেলীয়া নামঘৰৰ বিতৰ্কৰ ৰহস্য কি

অৱশেষত স্থানীয় একাংশ লোকৰ দাবীত সোমবাৰে আবেলি তিনি বজাত দণ্ডাধীশৰ উপস্থিতিত তলা খোলা হয় । অভিযোগ উঠিছে যে পৰিচালনা সমিতিৰ বিষয়বাবক লৈ সংঘাত হোৱাৰ মূলতেই নামঘৰৰ বাবে আৱণ্টিত পাঁচ কোটি টকাৰ বিষয়তো জড়িত আছে (Main cause of Athkheliya Namghar controversy)।

ইয়াৰোপৰি ভকত বৈষ্ণৱে আগবঢ়োৱা দান বৰঙণিও সংঘাতৰ আন এক কাৰক বুলি অভিযোগ উঠিছে । প্ৰশ্ন হয়, নামঘৰৰ বিষয় এটা উচ্চ ন্যায়ালয় পোৱাটো কিমান সমীচিন ? দুই পক্ষৰ যুদ্ধত ভগৱানৰ আশীষ বিচাৰি অহা লোকক বঞ্চিত কৰি প্ৰকৃততে কি সূচাবলৈ বিচাৰিছে নামঘৰ কৰ্তৃপক্ষই ?

লগতে পঢ়ক :আঠখেলীয়া নামঘৰৰ গেটৰ তলা খুলি ঘোষা জুৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.