ETV Bharat / state

গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 29, 2020, 5:19 PM IST

Updated : Sep 29, 2020, 8:32 PM IST

চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰা, চাহ শ্ৰমিকৰ ভূমি পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ জনজাতিকৰণকৰণৰ দাবীৰে গোলাঘাটত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শাঁওতলী উপ-শাখাৰ উদ্যোগত সমূহ প্ৰাথমিক গোট আৰু চাহ শ্ৰমিক ৰাইজৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোলাঘাট, 29 ছেপ্তেম্বৰ : গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা শাঁওতলী উপ-শাখাৰ উদ্যোগত মংগলবাৰে সমূহ প্ৰাথমিক গোট আৰু চাহ শ্ৰমিক ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী সকলে তিয়নী চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত 2 ঘন্টীয়া এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰাপ্য মজুৰিৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
প্ৰাপ্য মজুৰিৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিক সকলক ভূমি পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ জনজাতিকৰণকে ধৰি এইবাৰৰ দুৰ্গা পূজাৰ বোনাচ 20 শতাংশ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত একত্ৰিত হোৱা চাহ শ্ৰমিক ৰাইজে

প্ৰাপ্য মজুৰিৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
প্ৰাপ্য মজুৰিৰ দাবীত চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

লগতে পঢ়ক : ক'ভিড ৰোগীলৈ অসমীয়া সুস্বাদু পিঠা-পনা

Last Updated : Sep 29, 2020, 8:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.