ETV Bharat / state

গোলাঘাটত বনকৰ্মীৰ তৎপৰতাত উদ্ধাৰ হাতী পোৱালি

author img

By

Published : Apr 12, 2020, 10:16 AM IST

খাদ্যৰ সন্ধানত গোলাঘাটৰ কাঠনি চাহ বাগিছাৰ বৰচালি অঞ্চলত, বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা বৃহৎ হাতীৰ জাকৰ মাজত থকা এটা কণমানি হাতী পোৱালি হঠাতে সোমাই পৰে দ গাঁতত । পৰৱৰ্তী সময়ত বন বিভাগৰ তৎপৰতাত হাতী পোৱালিটো সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

a baby elephant fell down on a well in golaghat
a baby elephant fell down on a well in golaghat

গোলাঘাট, 12 এপ্ৰিলঃ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ বৃহৎ জাকৰ মাজত থকা হাতী পোৱালি এটা হঠাতে দ গাতত পৰি যায় । এই ঘটনা সংঘটিত হয় গোলাঘাটৰ কাঠনি চাহ বাগিছাৰ বৰচালি অঞ্চলত । বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা বৃহৎ হাতীৰ জাকৰ মাজত থকা এটা কণমানি হাতী পোৱালি হঠাতে সোমাই পৰে গাঁতটোত । হাতীৰ জাকটোৱে বহু চেষ্টা কৰিও পোৱালিটো উদ্ধাৰ কৰিব নোৱাৰাত পৰৱৰ্তী সময়ত, স্থানীয় বাগিছাৰ পৰিচালকে কাষতে থকা শ্যামৰায়পুৰ বন শিবিৰত খবৰ দিয়ে । এই বিষয়ে খবৰ পোৱাৰ লগে লগে কুলদ্বীপ বৰ্মন আৰু দুলাল ফুকন নামৰ দুগৰাকী বন কৰ্মী ঘটনাস্থলীত উপস্থিত হয় । বনকৰ্মী দুগৰাকী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত হাতীৰ জাকটোক আঁতৰাই, ৰচীৰে সম্পূৰ্ণ সুস্থ অৱস্থাত হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । প্ৰায় 15ৰ পৰা 20 মিনিট সময় যুঁজি দ গাঁতটোৰ পৰা হাতী পোৱালিটো উদ্ধাৰ কৰি কাষতে অৱস্থান কৰি থকা মাকক চমজাই দিয়ে ।

বনকৰ্মীৰ তৎপৰতাত উদ্ধাৰ হাতী পোৱালি

লগতে পঢ়কঃ স্বাস্থ্যকৰ্মী সকলক যাৱতীয় নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.