গোৱালপাৰাত য়াবা টেবলেটসহ ৩ সৰবৰাহকাৰীক আটক

author img

By

Published : Sep 14, 2021, 10:42 PM IST

Three Drugs peddler arrested with drugs at Goalpara

দুধনৈ আৰক্ষীৰ বৃহৎ সফলতা । বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ ৩ সৰবৰাহকাৰীক আটক কৰিলে গোৱালপাৰা আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা য়াবা টেবলেট আৰু হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ।

গোৱালপাৰা, ১৪ ছেপ্টেম্বৰ : ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে সোমবাৰে গোৱালপাৰাৰ দুধনৈত জব্দ হ'ল বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য । দুধনৈ আৰক্ষীয়ে ৩টা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে । অল ইণ্ডিয়া টুৰিষ্ট টেক্সি সেৱাৰ সৈতে জড়িত এন এল 07 টি 0815 নম্বৰৰ উইংগাৰ এখনৰ পৰা আৰক্ষীয়ে য়াবা টেবলেট আৰু হেৰ'ইন জব্দ কৰে । ডিমাপুৰৰ পৰা মানকাচৰলৈ গৈ থকা অৱস্থাত দুধনৈ আৰক্ষী থানাৰ সন্মুখতে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলে বাহনখন জব্দ কৰে ।

গোৱালপাৰাত য়াবা টেবলেটসহ ৩ সৰবৰাহকাৰীক আটক

২০টা পেকেটত মুঠ ২৫৬ গ্ৰাম হেৰ'ইন অনা হৈছিল । লগতে ৪০ হাজাৰ য়াবা টেবলেট আছিল উইংগাৰখনত । এই সামগ্ৰীখিনিৰ সৈতে তিনিটা সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে । জব্দকৃত নিচাজাতীয় দ্ৰব্যখিনিৰ বজাৰমূল্য প্ৰায় আঢ়ৈ কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

নিচাযুক্ত দ্ৰব্যখিনি অনা বাহনখনো ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে । ধৃত যুৱক কেইজন হৈছে মণিপুৰৰ ঠেংচুংনুং ছিংছিং, নাগালেণ্ডৰ ইমলিয়ামকুম লংকুমাৰ আৰু মানকাচৰৰ ফকিৰুল ইছলাম । উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ।

ইতিমধ্যে বহু সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । লগতে কোটি কোটি টকাৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰা হৈছে । তথাপিও ৰাজ্যত একাংশ ব্যৱসায়ীয়ে ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : দহটা দাবীৰে ভট্টদেৱ বিশ্ববিদ্যালয়ত আছুৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.