Supari killing at Assam : দুৰ্ঘটনাৰ ৰূপ দি ব্যৱসায়ীক হত্যাৰ চেষ্টা গোৱালপাৰাত

author img

By

Published : Nov 28, 2021, 10:39 PM IST

supari-killer-attempted-to-murder-pharmacy-owners-in-goalpara

গোৱালপাৰাত চুপাৰি কিলিঙৰ প্ৰচেষ্টা(supari killing attempt in goalpara) ৷ দুৰ্ঘটনাৰ ৰূপ দি হত্যাকাণ্ডৰ পৰিকল্পনা । ধনৰ বিনিময়ত ব্যৱসায়ীক দুৰ্ঘটনাৰ ৰূপ দি হত্যা কৰাৰ পৰিকল্পনা ৷

গোৱালপাৰা, 28 নৱেম্বৰ : ব্যৱসায়িক সংঘাতৰ বাবে দুৰ্ঘটনাৰ ৰূপ দি চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চেষ্টা চলিছে এইখন অসমতে(attempt to murder showing accident) । অভিযোগ অনুসৰি গোৱালপাৰা নগৰৰ কল্পনা নগৰৰ এখন ফাৰ্মাচীৰ গৰাকী দুই ভাতৃ ছাজিদুল ৰহমান আৰু ইমৰান খানক ধনৰ বিনিময়ত হত্যাৰ দায়িত্ব লৈছিল চহৰখনৰে জেল হ'ক নামৰ লোকজনে(supari killer attempted to murder pharmacy owners in Goalpara)।

ঘটনাৰ দিনা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি নিশা এক বজাত দুচকীয়া বাহনেৰে ঘৰত গৈ থাকোতে জেল হ'ক নামৰ লোকজনে দুই ভাতৃ ছাজিদুল আৰু ইমৰাণৰ ওপৰত উঠাই দিছিল বলেৰ' গাড়ী । এই ঘটনাত গুৰুতৰভাৱে আহত ছাজিদুল আজিও শয্যাশায়ী অৱস্থাত আছে । ইফালে ভাতৃ ইমৰাণ খানৰ এখন ভৰি বিকল হৈ পৰে । ছাজিদুল ৰহমানৰ গোচৰৰ ভিত্তিত তদন্ত চলাই অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই চুপাৰি কিলাৰ জেল হ'কক গ্ৰেপ্তাৰ কৰে ৷

supari killing : দূৰ্ঘটনাৰ ৰূপ দি ব্যৱসায়ীক হত্যাৰ চেষ্টা গোৱালপাৰাত

ইয়াৰ পাছতে আৰক্ষীক তেওঁ দিয়া স্বীকাৰোক্তি মতে অভিৰাম সাহা নামৰ লোকজনে এই কামৰ বাবে দিছিল ধন ৷ সম্প্ৰতি চুপাৰি দিয়া ধনকুবেৰ অভিৰাম সাহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । দুৰ্ঘটনাৰ ৰূপ দি চুপাৰি কিলাৰৰ দ্বাৰা হত্যাকাণ্ড সংঘটিত কৰোৱাৰ নতুন এই কিটিপকলৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোৱালপাৰা নগৰত(supari killing attempt in Goalpara)।
লগতে পঢ়ক : গীতানগৰত দিন দুপৰতে কিশোৰীক অপহৰণৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.