ETV Bharat / state

Ayurvedic Hospital at Dudhnoi : দুধনৈত ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:04 PM IST

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুধনৈত উন্মোচন কৰিলে ৫০ খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰো অংশগ্ৰহণ ৷ আগন্তুক দুমাহৰ ভিতৰতে আনুষ্ঠানিকভাৱে দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শিলান্যাস কৰাৰ কথাও ঘোষণা কেশৱ মহন্তৰ ।

Ayurvedic Hospital at Dudhnoi
দুধনৈত ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন

দুধনৈ, ২ নৱেম্বৰ : ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় গোৱালপাৰা জিলাৰ দুধনৈত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৫০ খন বিচনাযুক্ত নৱনিৰ্মিত চিকিৎসালয়খন মুকলি কৰে । উল্লেখ্য যে এমাহ পূৰ্বে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী মহন্তৰ উপস্থিতিত মাজুলীত ৰাজ্যৰ প্ৰথমখন আয়ুৰ্বেদিক চিকিৎসালয় উদ্বোধন কৰিছিল ।

আজি উদ্বোধন হোৱা দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়ত অত্যাধুনিক আয়ুৰ্বেদিক পৰীক্ষাগাৰ, পঞ্চকৰ্মা কেন্দ্ৰ, বন্ধ্যাত্ব ক্লিনিক, অ'পিডি আৰু আইপিডি সেৱাৰ উপৰিও যোগ কেন্দ্ৰকে ধৰি আয়ুৰ্বেদিক চিকিৎসাৰ আন গুৰুত্বপূৰ্ণ সুবিধাৱলী উপলব্ধ কৰা হৈছে । আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱালে কয় যে বহু প্ৰজাতিৰ বনৌষধি উদ্ভিদেৰে চহকী অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দেশৰ আয়ুষ খণ্ডক সমৃদ্ধ কৰাৰ অফুৰন্ত সম্ভাৱনা নিহিত হৈ আছে ।

অসমত আয়ুৰ্বেদিক তথা পৰম্পৰাগত ভাৰতীয় চিকিৎসা পদ্ধতিৰ দ্ৰুত বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ ফালৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱা বুলি সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ অসমত আয়ুষ খণ্ডৰ ক্ষিপ্ৰ সম্প্ৰসাৰণত সহায়ক হোৱাকৈ আমি অসম চৰকাৰৰ সহযোগত ডিব্ৰুগড়ত এখন ৰাষ্ট্ৰীয় স্তৰৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ লৈছোঁ । ইতিমধ্যে আয়ুষ মন্ত্ৰালয়ৰ ফালৰ পৰা অনুমোদন জনোৱা এই গৱেষণা প্ৰতিষ্ঠানৰ সৈতে এখন ১০০ খন বিচনাৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ হাস্পতালো থাকিব । এই প্ৰতিষ্ঠানৰ বাবে অসম চৰকাৰে ইতিমধ্যে মাটি আগবঢ়াইছে ।''

মাজুলী আৰু দুধনৈৰ ৫০ খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় দুখনৰ পাচত অসমত নতুনকৈ আৰু ৬ খন আয়ুষ চিকিৎসালয় স্থাপনৰ লগতে ১০০ খন আয়ুষ ঔষধালয় আৰু ৫০০ টা আয়ুষ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰও নিৰ্মাণৰ বাবে আয়ুষ মন্ত্ৰালয়ে অনুমোদন জনোৱা বুলি দুধনৈত কেন্দ্ৰীয় আয়ুষমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে । আনহাতে অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ সহযোগত দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয় চৌহদৰে সংলগ্ন কৰি ৰাজ্যৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ বাবে ইতিমধ্যে নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয় চৌহদৰ সৈতে অতিৰিক্ত ৩৬ বিঘা ভূমিৰ সংযোগ কৰা হৈছে ।

মুঠ ৫৬ বিঘা মাটিকালিৰ এলেকা সামৰি এই আয়ুৰ্বেদিক মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন যুগুত কৰি নিবিদাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দি মন্ত্ৰী মহন্তই ঘোষণা কৰে যে আগন্তুক দুমাহৰ ভিতৰতে আনুষ্ঠানিকভাৱে দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শিলান্যাস কৰা হ'ব ।

লগতে পঢ়ক: Meri Maati Mera Desh campaign: কৰ্তব্য পথলৈ নিয়া হ’ল অসমৰ অমৃত কলহৰ মাটি, নতুন দিল্লীত স্বাগতম জনালে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.