ETV Bharat / state

press conference of UBPO: বন আইন উলংঘন কৰাত জাঙুৰ খাই উঠিছে সংযুক্ত বড়ো গণ মঞ্চ

author img

By

Published : Oct 27, 2022, 10:02 PM IST

গোৱালপাৰা জিলাত বনাঞ্চলত উচ্ছেদৰ বিৰোধিতা সংযুক্ত বড়ো গণ মঞ্চৰ (United Dodo peoples organization) । এক সংবাদমেলত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্মই কয় যে ইয়াৰ দ্বাৰা ২০০৬ চনৰ বন অধিকাৰ আইন উলংঘা কৰা হৈছে ।

press conference of UBPO
বন আইন উলংঘাত জাঙুৰ খাই উঠিছে সংযুক্ত বড়ো গণ মঞ্চ

জোনাই, ২৭ অক্টোবৰ: গোৱালপাৰা জিলাত বনাঞ্চল সমুহ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তথা বনৰীয়া জীৱ-জন্তুৰ লগতে বনৰীয়া হাতীৰ সুৰক্ষাৰ নামত প্ৰণৱজ্যেতি শৰ্মাৰ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ (PIL in Guwahati High Court) ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক চৰজমিন তদন্ত কৰি বনাঞ্চলত বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে নিৰ্দেশনা জাৰী কৰিছে (Order of evection at Goalpara)।

ইপিনে, মেম' নং বি/জিএলপি/ডিএফঅ(টি)গুৱাহাটী উচ্চ ন্যায়ালয়/পিআইএল ১ অফ্ ২০২২/৫৪৭৫-৭৮ তাৰিখ ১৭/০৯/২২ নম্বৰৰ গোচৰৰ ভিত্তিত উচ্ছেদ চলোৱা কাৰ্যৰ সংযুক্ত বড়ো গণ মঞ্চই তীব্ৰ বিৰোধিতা কৰিছে (UDPO opposed of eviction in Goalpara)। গোৱালপাৰাত এক সংবাদমেলত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্মই কয় যে ইয়াৰ দ্বাৰা ২০০৬ চনৰ বন অধিকাৰ আইন সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে (Press meet of UBPO at Goalpara)।

নেতাদ্বয়ে পুনৰ কয় যে ঔপনিৱেশিক সময়ছোৱাৰ লগতে স্বাধীন ভাৰততো চৰকাৰীভাৱে ৰাজ্যৰ বনাঞ্চলসমূহ একত্ৰিকৰণ কৰোতে বন ভূমিৰ ওপৰত থকা পৈতৃক অধিকাৰৰ লগতে তেওঁলোকে বাস কৰি থকাৰ অধিকাৰকো পৰ্যাপ্তভাৱে স্বীকৃতি দিয়া নহ'ল । ফলত পৰম্পৰাগত বনবাসী আৰু জনজাতিসকলে বন পাৰিপাৰ্শ্বিক ব্যবস্থাৰ দ্বাৰা ভৰণ-পোষণ আৰু জীয়াই থকাৰ ক্ষেত্ৰত এক ঐতিহাসিক অন্যায় কৰা হ'ল বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে ।

সংযুক্ত বড়ো গণ মঞ্চই দাবী জনাই কয় যে ভাৰত চৰকাৰে প্ৰণয়ন কৰা ২০০৬ চনৰ বন অধিকাৰ আইন অনুসৰি ২০০৫‌ চনৰ ১৩ ডিচেম্বৰৰ আগত যিকোনো বনাঞ্চলত থকা জনজাতি লোকসকলক আৰু যিসকল অজনজাতি পৰম্পৰাগত বনবাসী তিনিটা পুৰুষ ধৰি থকাৰ উপযুক্ত প্ৰমান থাকিলে তেওঁলোকক ভুমি স্বত্ব অধিকাৰ দিয়াৰ ব্যৱস্থা আছে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহত এই আইন কাৰ্যকৰী কৰা হ'ল যদিও অসমত এই আইন কাৰ্যকৰী কৰা হোৱা নাই ।

বন আইন উলংঘাত জাঙুৰ খাই উঠিছে সংযুক্ত বড়ো গণ মঞ্চ

ইয়াৰ বিপৰীতে ভুমি পুত্ৰ জনজাতি সকলক উচ্ছেদ কৰি থকাটো উদ্বেগজনক বুলি সংযুক্ত বড়ো গণ মঞ্চই কয় । মঞ্চই উল্লেখ কৰে যে ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু এন ডি এফ বিৰ চাৰিটা গোট, এবছু, ইউ বি পি অ'ৰ মাজত স্বাক্ষৰিত নিষ্পত্তিকৰণৰ স্মাৰক লিপি ২০২০ৰ ২৭ জানুৱাৰীৰ ৫.৩ অনুচ্ছেদ অনুসৰি এই বিষয়টো স্পষ্টভাবে উল্লেখ কৰা হৈছে । অসম চৰকাৰে অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত আৰু অন্য বনাঞ্চলত পৰম্পৰাগতভাৱে থকা লোকসকলক ২০০৬ চনৰ বন অধিকাৰ আইনৰ নিয়ম (Forest Act 2006) অনুসৰি বি টি চিৰ বাহিৰত‌ ৰৈ যোৱা লোকসকলক থাকিবলৈ অধিকাৰ প্ৰদান কৰিছে ।

তেনেক্ষেত্ৰত জনজাতি সকলক বাৰে বাৰে উচ্ছেদ অভিযান চলোৱা,উচ্ছেদৰ নামত জনজাতি ৰাজহ গাঁৱত উচ্ছেদ চলোৱা আৰু উচ্ছেদৰ নামত অসমৰ অৰ্থনৈতিকভাৱে অৰিহণা আগবঢ়োৱা ৰবৰ গছৰ বাগানসমূহ ধ্বংশ কৰিব বিচৰা কাৰ্য উদ্বেগজনক বুলি মন্তব্য কৰে গণ মঞ্চই । সংযুক্ত বড়ো গণ মঞ্চই কয় যে ২০০৬ চনৰ বন অধিকাৰ আইনৰ নিয়ম অনুসৰি অনুসূচিত জনজাতি আৰু পৰম্পৰাগত বনবাসী সকলক ভুমি স্বত্ব অধিকাৰ প্ৰদান নকৰালৈ জনজাতি সকলক উচ্ছেদ কৰিব নোৱাৰিব । অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি মঞ্চই সকীয়াই দিয়ে।

লগতে পঢ়ক:Scam in SC Certificate: অনুসূচিত জাতিৰ প্ৰমান পত্ৰৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.