ETV Bharat / state

গোৱালপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাভা ছাত্ৰ সন্থাৰ

author img

By

Published : Aug 20, 2021, 6:32 PM IST

Rabha student union protest at Goalpara
গোৱালপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাভা ছাত্ৰ সন্থাৰ

ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল গোৱালপাৰা(Goalpara)ৰ হাদলাপাৰা । ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে চৰকাৰে স্থানীয় লোকৰ পৰা মাটি লোৱাৰ পিছত মাটিৰ গৰাকীসকলক ক্ষতিপূৰণ আদায় নিদিয়াৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে । শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত শুকুৰবাৰে হাদলাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সদৌ ৰাভা ছাত্ৰ সন্থা(All Rabha Student Union)ৰ সদস্যসকলে ।

গোৱালপাৰা, ২০ আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তত ফৰলেনযুক্ত পথ নিৰ্মাণৰ কাম চলি আছে । এই পথসমূহ নিৰ্মাণৰ বাবে চৰকাৰী পক্ষৰ আহ্বানমৰ্মে বহু লোকে নিজৰ মাটি এৰি দিছে । সেইবোৰ স্থানত থকা বাসগৃহ আদিও ভাঙি পেলোৱা হৈছে । মাটি লোৱাৰ বিনিময়ত চৰকাৰে মাটিৰ গৰাকীক ধন পৰিশোধৰ প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু ৰাজ্যৰ কিছুমান জিলাত এইসকল লোকক এতিয়াও ক্ষতিপূৰণ আদায় দিবলৈ বাকী আছে । গোৱালপাৰা(Goalpara) জিলাৰ হাদলাপাৰাতো বহু পৰিয়ালে এতিয়াও ক্ষতিপূৰণ লাভ কৰা নাই । সেয়ে, মাটিৰ গৰাকীক ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ ৰাভা ছাত্ৰ সন্থা(All Rabha Student Union)ৰ গোৱালপাৰা জিলা সমিতি, সদৌ ৰাভা মহিলা পৰিষদ(All Rabha Women Council) আৰু ষষ্ঠ অনুসূচী দাবী কমিটীৰ সদস্যসকলে । এঘন্টাৰ বাবে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সংগঠনকেইটাই ।

গোৱালপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাভা ছাত্ৰ সন্থাৰ

সহস্ৰাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মাটিৰ ক্ষতিপূৰণ আদায় দিব লাগিবই, ৰাভা ঐক্য জিন্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৰাভা সংগঠনকেইটাই । উল্লেখ্য যে, ফৰলেনযুক্ত পথ নিৰ্মাণত মাটিৰ গৰাকীসকলক উচিত মূল্য দিয়াৰ আশ্বাস দি কাম আৰম্ভ কৰা হৈছিল ।

কাম আৰম্ভ হোৱাৰ প্ৰায় দুবছৰ অতিক্রম কৰাৰ পিছতো এতিয়াও বহু পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই । কিছু সংখ্যক লোকক মাটিৰ ক্ষতিপূৰণ দি বাকী ১২৪ টা পৰিয়ালক মাটিৰ ক্ষতিপূৰণ আদায় দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাভা ছাত্ৰ সন্থাই । পৰিয়ালকেইটাৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে শুকুৰবাৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । অতি শীঘ্ৰে মাটিৰ গৰাকীসকলক ক্ষতিপূৰণ আদায় নিদিলে জংগী আন্দোলৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৰাভা ছাত্ৰ সন্থাৰ জিলা সভাপতি অসিম চন্দ্ৰ ৰাভাই ।

লগতে পঢ়ক:ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.