ETV Bharat / state

পঞ্চৰত্ন ভ্ৰমণেৰে শেষ কৰক 2023 বৰ্ষটো

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 5:00 PM IST

Pancharatna winter festival
পঞ্চৰত্নত উইন্টাৰ ফেষ্টিভেলৰ প্ৰস্তুতি

Pancharatna winter festival in Goalpara: গোৱালপাৰা পঞ্চৰত্নত উইন্টাৰ ফেষ্টিভেলত দেশী-বিদেশী গায়ক-গায়িকাৰ সমাহাৰ ঘটিব । ৰাছিয়াৰ DJ ৰ লগত ৩১ ডিচেম্বৰ নিশা উদযাপন কৰক পৰিয়ালৰ সৈতে ৷

পঞ্চৰত্নত উইন্টাৰ ফেষ্টিভেলৰ প্ৰস্তুতি

গোৱালপাৰা, 26 ডিচেম্বৰ : গোৱালপাৰা পঞ্চৰত্নত ২৮ ডিচেম্বৰ পৰা উইন্টাৰ ফেষ্টিভেল আৰম্ভ হ’ব । পূৰ্ণগতিত চলি আছে প্ৰস্তুতি । দেশী-বিদেশী গায়ক-গায়িকাৰ সমাহাৰ ঘটিব ৩১ডিচেম্বৰৰ নিশা । ৰাছিয়াৰ DJ ENERGITA ৰ সৈতে ৩১ ডিচেম্বৰ নিশা উদযাপন কৰক গোৱালপাৰাৰ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলত ।

গোৱালপাৰা জিলাখন অতীজৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰে চহকী জিলা । জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিকে ধৰি পৰম্পৰাগত খাদ্য সম্ভাৰক প্ৰচাৰ আৰু প্ৰদৰ্শন কৰি দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে দ্বিতীয়বাৰৰ বাবে গোৱালপাৰাৰ পঞ্চৰত্নৰ ৰূপালী বালি চাপৰিত আয়োজন কৰা হৈছে ‘পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল’ । অহা ২৮ ডিচেম্বৰৰ পৰা নৱবৰ্ষৰ পহিলা দিনলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল ৷

পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ সফল ৰূপায়নৰ বাবে আয়োজক মণ্ডলীয়ে পৰ্যটকক আকৰ্ষিত কৰিবলৈ ইতিমধ্যেই উইণ্টাৰ ফেষ্টিভেলৰ যাৱতীয় প্ৰস্তুতিৰ কাম পূৰ্ণগতিত চলাই থকা পৰিলক্ষিত হৈছে । নৰনাৰায়ণ সেতুকে ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বেলি ডুব যোৱাৰ মনোৰম দৃশ্যৰ এক নৈসৰ্গিক পৰিৱেশেৰে পৰিপুষ্ট সেউজ পঞ্চৰত্ন পাহাৰৰ উত্তৰ পাদদেশত থকা আঠশ মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ ৰূপালী বালি চাপৰিত বাঁহ-বনেৰে সৰু সৰু জুপুৰিকে ধৰি ব্যতিক্ৰমি ছেল্ফি পইণ্ট সজাই তোলা হৈছে । মূল প্ৰৱেশ পথত বাঁহেৰে সজাই থকা হৈছে আকৰ্ষণীয় তোৰণ ।

ফেষ্টিভেলত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত খাদ্য সম্ভাৰকে ধৰি আনন্দ মেলা, কাপোৰৰ দোকান, পুতলা, মনোহাৰি, চাহ-কফিৰ কৰ্ণাৰ আদি ভিন্ন দোকান-পোহাৰ স্থাপন কৰি থকা পৰিলক্ষিত হৈছে । ফেষ্টিভেলৰ আটাইকেইটা দিনতে ঘোঁৰা ছাফাৰীকে ধৰি ব্ৰহ্মপুত্ৰ নদীত আকৰ্ষণীয় নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি পৰ্যটকক আকৰ্ষিত কৰিবলৈ আন কেতবোৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

আয়োজক মণ্ডলীৰ সম্পাদক আবু বক্কাৰ ছিদ্দিকিয়ে জানিবলৈ দিয়া অনুসৰি, ২৮ ডিচেম্বৰৰ নিশা নৃত্য অনুষ্ঠানত থাকিব অৰুণাচল প্ৰদেশৰ The Zeal গ্ৰুপৰ লগতে আন আন শিল্পী । ২৯ তাৰিখৰ নিশাৰ মূল আকৰ্ষণ সা ৰে গামা পা ৰ কলকাতাৰ শিল্পী Bullet B- One আৰু ৩০ ডিচেম্বৰ তাৰিখে মুম্বইৰ Naalayak বেণ্ডে অনুষ্ঠান পৰিৱেশন কৰিব । ৩১ ডিচেম্বৰৰ নিশা বিদেশী শিল্পীৰ লগতে ৰাছিয়াৰ DJ ENERGITA থাকিব ৷ ১ জানুৱাৰীৰ নিশা থাকিব বহুত কেইগৰাকী শিল্পী, লগতে থাকিব সা ৰে গা মা পা ৰ মুম্বাইৰ SONIA GAZMER ৷ লগতে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ ।

লগতে পঢ়ক : দুধনৈত সমূহীয়া বৰশী বোৱা প্ৰতিযোগিতা,আটাইতকৈ ডাঙৰ মাছটো ধৰাজনে পাব 13 লাখ টকীয়া বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.