গোৱালপাৰা জিলা ন্যায়িক আদালতত হাজিৰ বিধায়ক অখিল গগৈ

author img

By

Published : Sep 14, 2021, 8:24 PM IST

mla-akhil-gogoi-present-in-goalpara-district-judicial-court

" বিজেপি দল অসমীয়াৰ পৰম শত্ৰু ৷ বিজেপি চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালৰ আঢ়ৈ বছৰ মোক কাৰাগাৰত ৰাখিলে ৷" গোৱালপাৰা জিলা ন্যায়িক আদালতত হাজিৰ হৈ এই বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷

গোৱালপাৰা, 14 ছেপ্তেম্বৰ : গোৱালপাৰাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰণ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ গোৱালপাৰা আদালতত চলি থকা এক গোচৰৰ বাবে উপস্থিত হোৱা বিধায়ক গগৈয়ে কয়, "বিজেপি চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালৰ আঢ়ৈ বছৰ মোক কাৰাগাৰত ৰাখিলে ৷ মুখবন্ধ কৰি ৰাখিবলৈকে মোক কাৰাগাৰত সুমুৱাই থোৱাৰ উপৰি মোৰ ওপৰত বিভিন্ন গোচৰ জাপি দিছে ৷ গোৱালপাৰাৰ এই গোচৰটোত মোক ষড়যন্ত্ৰমূলকভাৱে জড়িত কৰোৱা হৈছে "৷

গোৱালপাৰা জিলা ন্যায়িক আদালতত হাজিৰ বিধায়ক অখিল গগৈ

আনহাতে উপ-নিৰ্বাচন সন্দৰ্ভত নেতা গৰাকীয়ে মত প্ৰকাশ কৰি কয় যে, উপ-নিৰ্বাচনত বিজেপিক পৰাভূত কৰোৱাৰ স্বাৰ্থত কংগ্ৰেছ দলৰ সৈতে ৰাইজৰ দলৰ আলোচনা চলি আছে ৷ ৰাইজৰ দলে চাৰিটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু থাওৰা সমষ্টিত ৰাইজৰ দলৰ পৰা ধৈৰ্য কোঁৱৰে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অংশ ল'ব ৷ ডলাৰ বগৰী হৈ দল বাগৰি ফুৰা সুশান্ত বৰগোঁহাইক এইবেলি থাওৰা সমষ্টিৰ ৰাইজে এশিকনি দিব "৷

আনহাতে বিজেপি দলক অসমীয়াৰ পৰম শত্ৰু আখ্যা দিয়ে বিধায়ক গগৈয়ে ৷ লগতে গোৱালপাৰা জিলাৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু মাটিৰ পট্টা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাই অখিল গগৈয়ে ৷ ইফালে চৰকাৰৰ হেমাহিৰ প্ৰতিবাদত শীঘ্ৰে গোৱালপাৰাত চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়কঃ অখিল গগৈৰ বাবেই থাওৰাত জয়ী হ’ব বিজেপি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.