AMFIRS Check Distribution : মন্ত্ৰী অশোক সিংহলে শুভাৰম্ভ কৰিলে মাইক্ৰ’ফাইনেঞ্চ উদগণি আৰু সকাহ আঁচনিৰ কাৰ্যসূচী

author img

By

Published : Oct 30, 2022, 10:38 PM IST

AMFIRS Check Distribution

গোৱালপাৰা জিলাত অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীসকললৈ সাহায্য বিতৰণৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ (AMFIRS Check Distribution in Goalpara)৷ এই যুগান্তকাৰী আঁচনিয়ে মহিলা সবলীকৰণৰ লগতে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি যথেষ্ট সবল কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য মন্ত্ৰী সিংহলৰ ৷

নিউজ ডেস্ক, 30 অক্টোবৰ : দেওবাৰে আনুষ্ঠানিকভাৱে গোৱালপাৰাত শুভাৰম্ভ কৰা হ’ল অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১’(Micro-Finance Incentive and Relief Scheme)৷ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত শুভাৰম্ভ কৰে আঁচনিখন (AMFIRS Check Distribution in Goalpara)৷

উল্লেখ্য যে, গোৱালপাৰা জিলাত আঁচনিখনৰ দ্বিতীয় শ্ৰেণীৰ যোগ্যতাসম্পন্ন হিতাধিকাৰীৰ সংখ্যা হৈছে ৪৬৩৮ গৰাকী ৷ তাৰে ৪৫৫৩ গৰাকী হিতাধিকাৰীয়ে চেকযোগে সাহায্য লাভ কৰিব ৷ জিলাখনৰ হিতধিকাৰীসকলৰ বাবে এই পৰ্যায়ত উদগণিমূলক ধনৰাশি হিচাপে ৭,৭৪,০৪,১৮৭ টকা আৰু বিলম্বিত ধনৰাশি হিচাপে ১,৫৩,৯৬,০১৫ টকা ব্যয় কৰা হ’ব ৷

দেওবাৰৰ উক্ত কেন্দ্ৰীয় অনুষ্ঠানটোত মন্ত্ৰী সিংহলে(Minister Ashok Singhal) ১১ গৰাকী হিতাধিকাৰীক এই সাহায্যৰ প্ৰতীকী চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ লগতে মুঠ ১১০০ গৰাকী হিতাধিকাৰীলৈ এই উদগনিৰ চেক সভাস্থলীত স্থাপন কৰা বিভিন্ন কাউণ্টাৰৰ জৰিয়তে প্ৰদান কৰা হয়৷ বাকী থকা হিতাধিকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে অহা ১০ নৱেম্বৰৰ পূৰ্বে তেওঁলোকৰ চেকসমূহ লাভ কৰিব৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান বা ঋণ প্ৰদানকাৰী সংস্থাসমূহৰ দ্বাৰা সুদ আৰু ঋণ আদায়ৰ হাৰাশাস্তিৰ পৰা আমাৰ অৰ্থনৈতিকভাৱে দুৰ্বল বাই-ভনী আৰু আইমাতৃসকলক সুৰক্ষা তথা সকাহ প্ৰদান কৰাটো বৰ্তমানৰ চৰকাৰখনৰ এক প্ৰাক্‌ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ৷

এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ১১ মে’, ২০২১ তাৰিখে অনুষ্ঠিত হোৱা ইয়াৰ প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যখনৰ মাইক্ৰ’ফাইনেঞ্চ খণ্ডৰ ঋণীসকলে সন্মুখীন হোৱা অসুবিধাৰ অধ্যয়ন কৰি উপযুক্ত পৰামৰ্শ আগবঢ়াবলৈ এখন সমিতি গঠন কৰি দিছিল ৷

বহুবোৰ দিশ চালি-জাৰি চোৱাৰ পাছত মন্ত্ৰী অশোক সিংহল নেতৃত্বাধীন এই সমিতিয়ে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে ‘অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি, ২০২১’ হাতত লোৱা হয় ৷ এই অভিলাষী আঁচনি প্ৰণয়নৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ ভিতৰতে এনে পদক্ষেপ গ্ৰহণ কৰা আৰু মাইক্ৰ’ফাইনেন্স খণ্ডৰ বাবে নিৰ্দিষ্ট আঁচনি থকা অসমেই প্ৰথমখন ৰাজ্য হোৱাৰ লগতে ঋণীসকলক তৎকালীনভাৱে ধন পৰিশোধৰ বাবে উদগনি দিয়াৰ ক্ষেত্ৰতো আমাৰ ৰাজ্যখন দেশৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে ৷

নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাৰ লগতে ঋণ অনুশাসন বজাই ৰাখিবলৈ ঋণীসকলক উদগনি দিয়া আৰু মানসিক চাপত থকা ঋণীসকলক সকাহ প্ৰদান কৰি ঋণ পৰিশোধ নিয়মীয়া কৰিবলৈ উৎসাহিত কৰা তথা সাহায্য প্ৰদান কৰাই এই অভিলাষী আঁচনিৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঋণ পৰিশোধ কৰাৰ ক্ষমতা নথকা দৰিদ্ৰ ঋণীসকলক ঋণ পৰিশোধ কৰাৰ পৰা আংশিক বা সম্পূৰ্ণভাৱে সকাহ প্ৰদান কৰাও আছিল আঁচনিখনৰ আন এক প্ৰধান লক্ষ্য ৷

লগতে পঢ়ক : Himanta Biswa Sarma: পুৰণি বিদ্যালয়সমূহক ন-ৰূপ দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

আঁচনিখনৰ প্ৰথম পৰ্যায়ত চৰকাৰে ৰাজ্যৰ দুখীয়া বাই-ভনীসকলৰ ১৬০০ কোটিৰো অধিক টকাৰ ঋণ পৰিশোধ কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰি মন্ত্ৰী সিংহলে কয় যে মহিলা সবলীকৰণৰ দিশত লোৱা এই যুগান্তকাৰী আঁচনিখনে ৰাজ্য গ্ৰাম্য অৰ্থনীতিৰ যথেষ্ঠ উন্নতি সাধন কৰাৰ লগতে দুখীয়া আইমাতৃসকলৰ দুঃশ্চিন্তা অলপ হ’লেও লাঘৱ কৰিবলৈ সক্ষম হৈছে ৷

নিজৰ ভাষণত তেওঁ জিলাখনৰ সকলো মাইক্ৰ’ফাইনেঞ্চ ঋণ গ্ৰহণকাৰীকে তেওঁলোকৰ বকেয়া ঋণসমূহ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যখনত এক সুস্থ ঋণ সংস্কৃতি গঢ়ি তোলাৰ লগতে ঋণযোগে লাভ কৰা ধনৰাশিক উৎপাদনমূলক কাম-কাজত প্ৰয়োগেৰে নিজৰ তথা ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা আগবঢ়াবলৈ তেওঁ জিলাখনৰ হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনায় ৷

ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে এইবাৰ ৰাজ্য চৰকাৰে কৃষকসকলৰ পৰা প্ৰতি কুইণ্টলত ১৯৪০ টকা দৰত অভিলেখসংখ্যক ৬ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী বৰ্ষত এই পৰিমাণ ১০ লাখ মেট্ৰিকটনলৈ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷

নিজৰ ভাষণত তেওঁ জনসাধাৰণৰ বাবে চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়েও আলোকপাত কৰে ৷ ৰাইজৰ লগত থাকি ৰাইজৰ হৈ নিৰন্তৰ কাম কৰি যোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰে ৷

জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল(MLA Abdur Rashid Mandal), এ পি ডি চি এলৰ সঞ্চালক ড॰ প্ৰকাশ কাশ্যপ, সমাজকৰ্মী ভৃগুৰঞ্জন ৰাভা, গোৱালপাৰা পৌৰসভাৰ পৌৰপতি মহানন্দ পাঠক, লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ কুমাৰ গুপ্তাৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : Munin Barkotoki Literary Award : উপাসনা শ‍ইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.