ETV Bharat / state

নিজ দেশতেই চৰম অৱমাননাৰ সন্মুখীন জাতিৰ পিতা, দুৰ্বৃত্তই ভাঙিলে গান্ধীৰ মূৰ্তি

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 11:57 AM IST

জাতিৰ পিতা মহাত্মা গান্ধীৰ মূৰ্তিত দুষ্ট চক্ৰৰ হাতোৰা। মহাত্মা গান্ধীৰ মূৰ্তিৰ সোঁহাত আৰু লাঠী ভাঙি পলায়ন কৰে দুষ্ট চক্ৰই।

Mahatma Gandhi statue vandalize
দুৰ্বৃত্তই ভাঙিলে মহাত্মা গান্ধীৰ মূৰ্তি

দুৰ্বৃত্তই ভাঙিলে মহাত্মা গান্ধীৰ মূৰ্তি

গোৱালপাৰা, 30 নৱেম্বৰ : গোৱালপাৰা জিলাৰ বিঅ’চিত নিশাৰ আন্ধাৰৰ সুযোগ লৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ মূৰ্তিত দুষ্ট চক্ৰৰ হাতোৰা। বুধবাৰে নিশা কোনো দুষ্ট চক্ৰই ভাঙিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি। মহাত্মা গান্ধীৰ মূৰ্তিটোৰ সোঁহাত আৰু লাঠী ভাঙি পলায়ন কৰে দুষ্ট চক্ৰটোৱে।

তাৰ পিচতে বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা লোকে মহাত্মা গান্ধীৰ মূৰ্তি ভঙা দেখি ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষী অৱগত কৰে ৷ খবৰ লাভ কৰিয়েই পুৱাই গোৱালপাৰা জিলা আয়ুক্ত খনিদ্ৰ চৌধুৰী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰে ৷ আৰক্ষীয়ে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে স্থানীয় ৰাইজক ৷

লক্ষণীয় যে, এইবাৰেই নহয় দুবছৰৰ পূৰ্বেও জাতিৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটোৰ সোঁহাত আৰু লাঠী সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছিল ৷ কিন্তু পৰিতাপৰ বিষয় এই যে, আজিলৈকে দুষ্ট চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষীয়ে । পুনৰ আজি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা কাৰ্যক গোৱালপাৰা জিলাৰ স্থানীয় ৰাইজে সহজভাৱে মানি ল’ব পৰা নাই ৷

শান্ত হৈ থকা জিলাখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাত একাংশ গান্ধী বিৰোধী দুষ্ট চক্ৰই উঠি পৰি লাগিছে বুলি উল্লেখ কৰে বিশিষ্ট সমাজকৰ্মী ননী দাসে। আনহাতে বামপন্থী নেতা পাৰভেজ আলীয়ে কয় যে, গান্ধীৰ চিন্তা আৰু আদৰ্শৰ ওপৰত আক্ৰমণ মানে ধৰ্ম নিৰপেক্ষ আৰু সংবিধানৰ ওপৰত আক্ৰমণ। এই দুষ্ট চক্ৰই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে এনেধৰণৰ কাৰ্য বাৰে বাৰে সংঘটিত কৰি আহিছে ৷

ইফালে চহৰখনৰ মাজমজিয়াত দিনে-নিশাই আৰক্ষী গিজগিজাই থকা অৱস্থাত কেনেকৈ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত আক্ৰমণ কৰিব পাৰে সেয়াহে চিন্তনীয় বিষয় হৈ পৰিছে ৷ আনহাতে মহাত্মা গান্ধীৰ মূৰ্তিৰ নিচেই কাষতে থকা যান-বাহন নিয়ন্ত্ৰণ আৰক্ষীৰ কাৰ্যালয়ৰ চিচিটিভি কেমেৰাও সম্পূৰ্ণৰূপে বিকল হৈ আছে।

ইয়াৰ গান্ধীৰ মূৰ্তি ভাঙি পেলোৱাৰ সময়ত চিচিটিভি কেমেৰাটো বিকল হৈ আছিল। যেতিয়াই মহাত্মা গান্ধীৰ মূৰ্তিত দুষ্ট চক্ৰৰ চকু পৰে তেতিয়াই কিয় যান-বাহন আৰক্ষীৰ চিচিটিভি কেমেৰা বিকল হৈ থাকে বুলি প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক : জল জীৱন মিছন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মাজত বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.