ETV Bharat / state

ধুমুহাৰ ক্ষতিৰ পৰা ৰক্ষা নপৰিল গোৱালপাৰা

author img

By

Published : May 13, 2019, 12:49 PM IST

তীব্ৰবেগী ধুমুহাত বিস্তৰ ক্ষতিসাধন বিদ্যালয়ৰ

দেওবাৰে নিশা ধুমুহাই গোৱালপাৰা আৰু নগৰবেৰাৰ বিভিন্ন অঞ্চলত ক্ষতি সাধন কৰে । বহু ঘৰ - দুৱাৰ তচনচ কৰাৰ লগতে উভালি পৰে প্ৰকাণ্ড গছ । এই ধুমুহাত বিস্তৰ ক্ষতিসাধন হয় দোকুচি চৰকাৰী আদৰ্শ বিদ্যালয়ৰ ।

গোৱালপাৰা, ১৩ মে': দেওবাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে গোৱালপাৰা আৰু নগৰবেৰাৰ বিভিন্ন স্থানতো ধুমুহাই তাণ্ডৱ চলায় । বহু ঘৰ - দুৱাৰ তচনচ হৈ পৰাৰ লগতে উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ - গছনি ৷ লগতে ছিগি পৰে বিদ্যুতৰ তাঁৰ ৷

তীব্ৰবেগী ধুমুহাত বিস্তৰ ক্ষতিসাধন বিদ্যালয়ৰ

ধুমুহাত বিস্তৰ ক্ষতিসাধন হয় দোকুচি চৰকাৰী আদৰ্শ বিদ্যালয়ৰ খনৰ । বিদ্যালয় গৃহৰ টিনপাত খহাই পেলোৱাত পাঠদান কাৰ্যও ব্যাহত হৈ পৰিছে । এনে পৰিস্থিতিত শিক্ষাৰ্থী তথা অভিভাৱকসকল চিন্তিত হৈ পৰাৰ লগতে প্ৰশাসনক ক্ষয়-ক্ষতিৰ বুজ লৈ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ।

Slug : Heavy Storm & Huge Damage..vis send FTP.13.05.19

 হয়, নিশা গোৱালপাৰা আৰু নগৰবেৰাৰ ভিন্ন স্থান জোকাৰি যায় কাল ধুমুহাই। বৰদৈচিলাৰ এই তাণ্ডৱত তচনচ হয় বহু ঘৰ দুৱাৰ। উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনি। ছিঙি পৰে বিদ্যুতৰ তাঁৰ। এক কথাত কাল বৰদৈচিলাই মহটিয়াই থৈ গল গোৱালপাৰাকে ধৰি নগৰবেৰাৰ  ভিন্ন অঞ্চল।

V. O : নিশাৰ এই কাল ধুমুহাত বিস্তৰ ক্ষতি হয় দোকুচি চৰকাৰী আদৰ্শ বিদ্যালয়ৰ । বিদ্যালয় গৃহৰ টিনপাত খহাই পেলায় অন্য স্থানত। ব্যাপক ক্ষতি হয় চৰকাৰী বিদ্যালয়খনৰ। ধুমুহাই বিদ্যালয়খনৰ ব্যাপক ক্ষতি কৰাত ব্যাহত হয় পাঠদান কাৰ্য । এনে পৰিস্থিতিত দুঃচিন্তাত পৰিছে শিক্ষাৰ্থীৰ লগতে অভিভাৱক সকল। ক্ষয় ক্ষতিৰ বুজ লৈ উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনাইছে ৰাইজে।
                       
          গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.