ETV Bharat / state

Tense situation in Goalpara : হাডুডু খেলক কেন্দ্ৰ কৰি গোৱালপাৰা জলেশ্বৰত উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:13 AM IST

Tense situation in Goalpara
হঠাৎ উত্তপ্ত হৈ পৰিল গোৱালপাৰা

গোৱালপাৰা জলেশ্বৰত হাডুডু খেলক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । উত্তেজিত দৰ্শকে জ্বলাই দিলে খেল পথাৰৰ পেণ্ডেল আৰু অন্যান্য সা-সামগ্ৰী । হাডুডু খেলৰ ফাইনেল খেলখন অনুষ্ঠিত কৰাৰ নামত হাজাৰ হাজাৰ টকা খেল পৰিচালনা কমিটিয়ে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে । আনকি খেল অনুষ্ঠিত নকৰাকৈ দৰ্শকৰ পৰা টিকটৰ নামত টকা লৈ খেল পৰিচালনা কমিটিয়ে পলায়ন কৰাৰো অভিযোগ উঠিছে ।

গোৱালপাৰা জলেশ্বৰত উত্তপ্ত পৰিস্থিতি

গোৱালপাৰা, 28 অক্টোবৰ : হঠাৎ উত্তপ্ত হৈ পৰিল গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ কাটাৰীহাৰা ৷ হাডুডু খেলক কেন্দ্ৰ কৰি শুকুৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাটাৰীহাৰাত । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে কাটাৰীহাৰা হাডুডু খেলৰ ফাইনেল (চূড়ান্ত) খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু নিৰ্ধাৰিত সময়তহে ফাইনেল খেলখন অনুষ্ঠিত নহ’ল ৷ সেয়ে উত্তজিত ৰাইজে জ্বলাই দিয়ে খেল পথাৰৰ পেণ্ডেলৰ লগতে অন্যান্য সা-সামগ্ৰী ।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি, শুকুৰবাৰে হাডুডু খেলৰ ফাইনেল খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল পশ্চিমবংগৰ ৱেষ্ট বেংগল আৰু নদীয়া হাডুডু দলৰ মাজত । যাৰ বাবে হাডুডু খেলৰ টিকটৰ নামত খেল পৰিচালনা কমিটিয়ে প্ৰতি গৰাকীৰ দৰ্শকৰ সংগ্ৰহ কৰিছিল 100 টকাকৈ । কিন্তু নিৰ্ধাৰিত সময়ত দুয়োটা দলৰ খেলুৱৈসকল উপস্থিত নহ’ল খেলপথাৰত ৷

বহু পৰলৈকে অপেক্ষা কৰাৰ অন্তটো খেলখন অনুষ্ঠিত নোহোৱাত উত্তেজিত হৈ পৰে দৰ্শক । ইফালে নিৰ্ধাৰিত সময়ত হাডুডু খেলৰ দুয়োটা দলো খেলপথাৰত উপস্থিত নোহোৱাত দৰ্শকৰ ৰুদ্ৰমূৰ্তি দেখি উক্ত স্থানৰ পৰা পলায়ন কৰে খেল পৰিচালনা কমিটিৰ বিষয়ববীয়া ৷ খেল পৰিচালনা কমিটিৰ এই কাণ্ড দেখি আৰু অধিক ক্ষুব্ধ হৈ পৰে দৰ্শক তথা স্থানীয় ৰাইজ ৷

আনহাতে, একাংশ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে - হাডুডু খেলৰ পৰিচালনা কমিটিয়ে খেলৰ নামত কেৱল জুৱা খেলহে অনুষ্ঠিত কৰিবলৈ লৈছিল ৷ সেয়ে পৰিচালনা কমিটিয়ে হাডুডু খেলৰ নামত দৰ্শকৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰিও অনুষ্ঠিত নকৰিলে উক্ত খেলখন ৷

লগতে পঢ়ক : Lower Subanshiri big dam: নামনিবাসী ৰাইজলৈ ধেমাজি জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰুৰী সৰ্তকতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.