ETV Bharat / state

গোৱালপাৰাত অজয় স্বাহৰ হত্যাকাণ্ডকলৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 9, 2020, 11:54 PM IST

গোৱালপাৰা
গোৱালপাৰাত অজয় স্বাহৰ হত্যাকাণ্ডকলৈ উত্তপ্ত পৰিস্থিতি

গোৱালপাৰাৰ লক্ষীপুৰ নগৰত উত্তপ্ত পৰিস্থিতি । অজয় স্বাহ নামৰ এগৰাকী যুৱকক অপহৰণ কৰি হত্যা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত লক্ষীপুৰ নগৰ । যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে বন্ধ লক্ষীপুৰ নগৰৰ দোকান পোহাৰ । সহস্ৰাধিক জনতাই উলিয়াই প্ৰতিবাদী সমদল । উত্তেজিত প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে লক্ষীপুৰ আৰক্ষী থানা ।

গোৱালপাৰা, 9 মাৰ্চঃ গোৱালপাৰাৰ লক্ষীপুৰ নগৰত অজয় স্বাহ নামৰ এগৰাকী যুৱকক অপহৰণ কৰি হত্যা কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ ঘটনাক কেন্দ্ৰ কৰি সহস্ৰাধিক জনতাই সোমবাৰে উলিয়াই প্ৰতিবাদী সমদল । উত্তেজিত জনতাই ঘেৰাও কৰে লক্ষীপুৰ আৰক্ষী থানা । লগতে থানা চৌহদত লক্ষীপুৰ আৰক্ষী হায় হায়! লক্ষীপুৰ আৰক্ষী মূৰ্দাবাদ! হত্যাকাৰীক ফাঁচি দিয়ক আদি শ্ল'গানেৰে উত্তাল কৰে লক্ষীপুৰ নগৰৰ ৰাজপথ ।

গোৱালপাৰাত অজয় স্বাহৰ হত্যাকাণ্ডকলৈ উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, বিগত ২৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় সাত মান বজাত সংঘটিত হৈছিল এক অপহৰণ কাণ্ড । নগৰ খনৰ চাৰি নম্বৰ ৱাৰ্ডৰ ৰমেশ স্বাহৰ পুত্ৰ অজয় স্বাহক আমিনুৰ ইছলাম নামৰ বন্ধু গৰাকীয়ে মাতি নি অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালবৰ্গই । পাচত ২৬ মাৰ্চত অপহৃত অজয় স্বাহৰ 9365377802 নম্বৰ মোবাইল নম্বৰৰে তেওঁৰ পিতৃ ৰমেশ স্বাহৰ 9435253370 নম্বৰলৈ ফোন কৰি মুক্তিপণৰ বাবদ দাবী কৰিছিল পঞ্চাছ লাখ টকা । তাৰোপৰি অজয়ৰ আত্মীয়লৈ প্ৰেৰণ কৰিছিলএক শিহৰণকাৰী ভিডিঅ'। অপহৰণকাৰী দলে এই ভিডিঅ' প্ৰেৰণ কৰিছিল অপহৃত যুৱকৰ পিতৃলৈ । এই ভিডিঅ' ৰে পঞ্চাছ লাখটকাৰ ধন দাবী কৰিছিল অপহৰণকাৰী দলটোৱে । এই ঘটনা সংঘটিত হোৱাৰ পিছতেই লক্ষীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । পিছত অনুসন্ধান চলাই লক্ষীপুৰ আৰক্ষীয়ে আমিনুৰ ইছলাম আৰু ছফিকুল সহ চাৰিগৰাকী অভিযুকক্ত কৰায়ত্ত কৰে । ইপিনে দেওবাৰে নিশা বঙ্গাইগাঁও জিলাৰ ভৈৰৱচূৰা পাহাৰত অজয় স্বাহৰ মৃতদেহ উদ্ধাৰ হোৱাত লক্ষীপুৰ নগৰত তীব্ৰ উত্তেজনা বিৰাজ কৰে। ইতিমধ্যেই লক্ষীপুৰ আৰক্ষীয়ে ১১৮/২০ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৬/৩৮৭/৫০৬ ধাৰাত গোছৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে ।

গোৱালপাৰাত অজয় স্বাহৰ হত্যাকাণ্ডকলৈ উত্তপ্ত পৰিস্থিতি

আৰু পঢ়কঃ ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.