ETV Bharat / state

মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰচিদ আলমে

author img

By

Published : Mar 19, 2021, 4:04 PM IST

মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰচিদ আলমে
মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰচিদ আলমে

বিধানসভা নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰচিদ আলমে । মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ চামাদ সৰকাৰ, এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সম্পদক আব্দুল হাইৰ লগতে দলীয় কৰ্মীসকলে ।

গোৱালপাৰা, ১৯ মাৰ্চ: ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰচিদ আলমে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । তেওঁৰ সমৰ্থনত গোৱালপাৰা চহৰৰ মাজেৰে বিশাল সমদল উলিয়ায় দলীয় কৰ্মকৰ্তাই । সমদলত বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় আৰু সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । দলৰ নেতা-কৰ্মীসকলৰ সৈতে তেওঁ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী শাখাত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁৰ লগতে থাকে গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ চামাদ সৰকাৰ আৰু এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সম্পদক আব্দুল হাই । গোৱালপাৰা সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক:দেৱলাল গাৰ্লচাক উভতি ধৰিলে প্ৰাক্তন দুই মুখ্য কাৰ্যবাহী সদস্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.