ETV Bharat / state

Gang rape in Goalpara : গোৱালপাৰাত নৱম শ্ৰেণীৰ ছাত্ৰীক দলৱদ্ধ ধৰ্ষণ !

author img

By

Published : Jun 20, 2023, 9:36 AM IST

Gang rape in Goalpara
দলৱদ্ধ ধৰ্ষণৰ চিকাৰ নৱম শ্ৰেণীৰ ছাত্ৰী

গোৱালপাৰাত দলৱদ্ধ বলাৎকাৰৰ ঘটনা । স্কুলৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাত নৱম শ্ৰেণীৰ ছাত্ৰীক দিনদুপৰতে অপহৰণ কৰি চলন্ত গাড়ীৰ ভিতৰতে বলাৎকাৰ তিনি লম্পটৰ । ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত ।

গোৱালপাৰা, 20 জুন : জোনালী নাথ হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে গোৱালপাৰাত সোমবাৰে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ চলন্ত গাড়ীৰ ভিতৰত‌ দিন-দুপৰতে তিনি পাষণ্ডৰ কামনাৰ বলি হৈছে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী । ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, সোমবাৰে বিয়লি দুই বজাৰ পৰিৱৰ্তে এক বজাত স্কুল ছুটি হোৱাৰ পিচত ঘৰলৈ খোজ কাঢ়ি ওভতাৰ পথতে চহৰৰ উপকণ্ঠ ফৰেষ্ট গে'টৰ এগৰাকী 16 বছৰীয়া ছাত্ৰীক তিনিজনীয়া দুৰ্বৃত্তৰ দলে এখন গাড়ীৰে অপহৰণ কৰি নিয়ে ।

বিয়লি মূমূৰ্ষ অৱস্থাত ছাত্ৰীগৰাকীয়ে ফৰেষ্টগে'টৰ নিজ গৃহত উপস্থিত হোৱাৰ পিচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ছাত্ৰীগৰাকীক সন্ধিয়া ততালিকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত নিশা ছাত্ৰীগৰাকীয়ে অভিভাৱকক একেটা অঞ্চলৰ আলিমুদ্দিন আৰু ফুনচান্দ নামৰ দুই যুৱকৰ সৈতে আন এজন অচিনাকী যুৱকে ছাত্ৰীগৰাকীক স্কুলৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মুখত সোপা দি বলপূৰ্বকভাৱে গাড়ীত উঠাই লৈ যায় বুলি জানিবলৈ দিয়ে । চলন্ত গাড়ীৰ ভিতৰতে ছাত্ৰীগৰাকীক তিনি পাষণ্ডই যৌন উৎপীড়ন চলাই অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ গুৰুতৰ অভিযোগ তোলে ছাত্ৰীগৰাকীয়ে ।

বিয়লি তিনিমান বজাত ছাত্ৰীগৰাকীক তিনি পাষণ্ডই বলপূৰ্বকভাৱে নিচাজাতীয় দ্ৰৱ্য সেৱন কৰোৱাই ফৰেষ্টগে'ট কৱৰস্থানৰ কাষত পেলাই থৈ যায় বুলি ছাত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে বলাৎকাৰৰ সময়ত ছাত্ৰীগৰাকীৰ ডিঙি চেপি ধৰা হৈছিল বুলি গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ।ডিঙিত নখৰ স্পষ্ট চিন থকাও পৰিলক্ষিত হৈছে বুলি জানিবলৈ পৰা গৈছে ।

ছাত্ৰীগৰাকীৰ অভিভাৱকে এই সন্দৰ্ভত নিশা গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ ভাষ্যগ্ৰহণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Bishnu Prasad Rabha : ৰাভাক সুঁৱৰি ‘সোণপাহি ঘাটলৈ যাওঁ বলক’ শীৰ্ষক অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.