প্ৰধানমন্ত্ৰীৰ মোদীৰ জন্মদিন উপলক্ষে গোৱালপাৰাত বিজেপিৰ ফলমূল বিতৰণ

author img

By

Published : Sep 20, 2021, 8:15 PM IST

fruits-distributed-by-bjp-workers-on-the-occasion-of-modis-birthday-in-goalpara

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 71 সংখ্যক জন্মদিন উপলক্ষে বিজেপি কৰ্মী সকলে হাতত লৈছে বিভিন্ন কাৰ্যসূচী ৷ সোমবাৰে গোৱালপাৰাত প্ৰসূতি মহিলা সকলৰ মাজত ফলমূল বিতৰণ কৰিলে জিলা বিজেপিয়ে ৷

গোৱালপাৰা,20 ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 71 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি সোমবাৰে গোৱালপাৰা জিলা বিজেপিৰ কৰ্মকৰ্তা সকলে প্ৰসূতি মহিলা সকলৰ মাজত ফলমূল বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে ৷ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত থকা প্ৰসুতি মহিলাকে ধৰি সকলো ৰোগীৰ মাজত বিতৰণ কৰে ফলমূল ৷ লগতে জিলা বিজেপিৰ কৰ্মী সকলে বৃদ্ধা শ্ৰমত থকা আইতা সকলৰ মাজতো বিতৰণ কৰে ফলমূল ৷

fruits-distributed-by-bjp-workers-on-the-occasion-of-modis-birthday-in-goalpara
প্ৰধানমন্ত্ৰীৰ মোদীৰ জন্মদিন উপলক্ষে গোৱালপাৰাত বিজেপিৰ ফলমূল বিতৰণ

এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰে জিলা বিজেপিৰ কৰ্মীসকলে ৷ উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ 71 সংখ্যক জন্মদিনটো জন্মদিন 21 দিনীয়াকৈ পালন কৰিছে বিজেপিয়ে ৷ অসমতো প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে মেগা ভেকচিনেশ্যন কাৰ্যসূচী ৷ তাৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে বিজেপিৰ কৰ্মী সকলে ৷

মন কৰিবলগীয়া যে, বিজেপিয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন 21 দিনীয়াকৈ পালন কৰা বিষয়টোক সমালোচনা কৰিছে একাংশ বিৰোধী দলে ৷

লগতে পঢ়কঃ অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.