Felicitation of student at Goalpara: গোৱালপাৰাত আছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

author img

By

Published : Jul 30, 2022, 8:13 PM IST

Updated : Jul 30, 2022, 10:10 PM IST

felicitation of student at goalpara

হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা গোৱালপাৰাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক শনিবাৰে আছুৰ উদ্যোগত জ্ঞাপন কৰা হয় সম্বৰ্ধনা(AASU felicitation ceremony in Goalpara) । গোৱালপাৰা নটসূৰ্য ফণী শৰ্মা ভৱনত সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থা আৰু গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ।

গোৱালপাৰা,৩০ জুলাই: গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নটসূৰ্য ফণী শৰ্মা ভৱনত অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান(AASU felicitation ceremony in Goalpara) । ২০২২ বৰ্ষৰ হাইস্কুল, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পৰা স্থান লাভ কৰি সুনাম কঢ়িয়াই অনা ছাত্ৰ গৰাকীৰ লগতে ডিষ্টিংচন পোৱা আৰু উচ্চতৰ মাধ্যমিক কলা,বাণিজ্য আৰু বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হোৱা ছাত্র-ছাত্রী সমূহক উৎসাহ যোগাবলৈ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে ।

Felicitation of student at Goalpara: গোৱালপাৰাত আছুৰ উদ্যোগত কৃতি ছাত্ৰী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

কৃতি ছাত্ৰ-ছাত্ৰীসকলে যিখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি এই প্রশংসনীয় ফলাফল পাবলৈ সক্ষম হ'ল সেই শিক্ষানুষ্ঠানৰ সন্মানীয় মূৰব্বী সকলকো সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানটিত । আনহাতে, ৰাজ্যৰ কেবিনেটে শিক্ষাৰ ক্ষেত্ৰত অনা নতুন নীতিক তীব্ৰ বিৰোধিতা কৰে সদৌ অসম ছাত্ৰ সন্হাৰ সভাপতি দীপাংক কুমাৰ নাথে । সভাপতি গৰাকীয়ে কয় যে,চৰকাৰে অসমীয়া মাধ্যমৰ শিক্ষাটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে । জেষ্ঠ শিক্ষক তথা শিক্ষা বিশেষজ্ঞৰ লগত বিষয়টো পুনৰ আলোচনা কৰাৰ বাৱে অনুৰোধ জনায় সভাপতি গৰাকীয়ে ।

আনহাতে, আছুৰ সভাপতি গৰাকীয়ে জেহাদী সম্পৰ্কত কয় যে যেতিয়ালৈ ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা নহব তেতিয়ালৈকে অসমত বাংলাদেশীৰ আগ্ৰাসন আৰু জেহাদীৰ ঘাটি বৃদ্ধি হৈ থাকিব । সেয়েহে সোনকালে চৰকাৰে এই জেহাদী নামৰ সংগঠনক কঠোৰ ভাবে দমন কৰি ভাৰত বাংলা সীমান্ত বন্ধ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: Drugs Disposal at Guwahati: চন্দ্ৰপুৰত ১০০ কোটি মূল্যৰ ড্ৰাগছ বিনষ্ট

Last Updated :Jul 30, 2022, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.