NGO ৰ নামত ডুবাপাৰা টাৰিত বনবিভাগৰ উচ্ছেদ অভিযান

author img

By

Published : Sep 30, 2021, 7:43 PM IST

Eviction of forest department

গোৱালপাৰা ডুবাপাৰা টাৰিত বনবিভাগৰ উচ্ছেদ অভিযান । বিকল্প ঠাইত পুনৰ সংস্থাপন নকৰা পাঁচটা পৰিয়ালৰ গৃহত চলিল বনবিভাগৰ উচ্ছেদ । বনবিভাগে পৰিয়াল সমূহক উচ্ছেদ কৰি ১০ হেক্টৰ ভূমি গতাব এটা NGO ক ।

গোৱালপাৰা, 30 ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত ডুবাপাৰা টাৰিত বনবিভাগৰ উচ্ছেদ অভিযান । ছিপাঝাৰৰ উচ্ছেদ অভিযানৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই ডুবাপাৰা খণ্ড বনবিভাগৰ অধীনস্থ ডুবাপাৰা টাৰিত গোৱালপাৰা আঞ্চলিক বনবিষয়া সান্তনা মেধিৰ নেতৃত্বত চলিল এই উচ্ছেদ অভিযান ।

NGO ৰ নামত ডুবাপাৰা টাৰিত বনবিভাগৰ উচ্ছেদ অভিযান

উল্লেখ যে, ১৫/২০ বছৰ ধৰি ডুবাপাৰা টাৰিৰ বন বিভাগৰ ভূমিত বসবাস কৰি আহিছিল একাংশ লোকে ৷ বন বিভাগৰ ভূমি মুকলি কৰি দিবলৈ লোকসকলক বনবিভাগে চলিত মাহৰ ২ তাৰিখে জাননী জাৰি কৰিছিল ৷ কিন্তু বন বিভাগৰ জাননীৰ বিপৰীতে সেই স্থানৰ লোক সকলে অন্য ঠাইত সংস্থাপনৰ কাৰণে বনবিভাগৰ লগতে জিলা প্ৰশাসনক দাবী জনাইছিল ৷

লগতে পঢ়ক : আলফা(স্বা)ত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল সাতজনকৈ যুৱক

ডুবাপাৰা টাৰিৰ ৰাইজৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰি বৃহস্পতিবাৰে গোৱালপাৰা আঞ্চলিক বনবিষয়া সান্তনা মেধিৰ নেতৃত্বত যোৱা এটা দলে ৫ টা পৰিয়ালক উচ্ছেদ কৰে । উচ্ছেদিত পৰিয়ালে অভিযোগ কৰা মতে, দুপৰীয়া আহাৰ খোৱাৰ সময় বিচাৰিছিল উচ্ছেদিত লোকসকলে ৷ কিন্তু পৰিতাপৰ বিষয় যে, আঞ্চলিক বনবিষয়া শান্তনা মেধিয়ে কোনোধৰণৰ সময় নিদি বনবিভাগৰ দলটোৱে উচ্ছেদ অভিযান চলায় ।

ভূমিহীন লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি আমানৱীয়ভাৱে উচ্ছেদ কৰা কাৰ্যক ধিক্কাৰ/গৰিহণা জনাই CPIM দলৰ সভাপতি ননী দাসে । ৰাইজৰ অভিযোগ অনুসৰি উচ্ছেদ কৰা 10 হেক্টৰ ভূমি নাৰ্ছাৰী বাগান বনোৱাৰ বাবে এটা NGO ৰ ঠিকাদাৰ বিশ্বজিৎ দাস নামৰ এজন লোকক দিয়া হ'ব ৷

লগতে পঢ়ক : চৰাই মৰে ৰৈ শ্বেৰমান মৰে কৈ !

জানিব পৰা মতে, বিশ্বজিত দাস এটা ব্যক্তিগত চেনেলৰ সাংবাদিক । বনবিভাগে জাননী জাৰি কৰাৰ পৰাই বিশ্বজিৎ দাসে দুই এজন বনবিভাগৰ লোকৰ সৈতে গৈ পৰিয়াল সমূহক ধমকি দিছিল ৷ লগতে সোনকালে মাটিখিনি পৰা ঘৰবাৰী ভাঙি বেলেগ ঠাইত যাবলৈ দাবী-ধমকি দি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.