ETV Bharat / state

চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰাত উচ্ছেদ অভিযান

author img

By

Published : Aug 20, 2020, 1:04 PM IST

বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰত জিলা প্ৰশাসনৰ নিৰ্দেশনামৰ্মে এক উচ্ছেদ অভিযান চলোৱা হয় ৷ য'ত প্ৰশাসনৰ অনুমতি নোহোৱাকৈয়ে বিদ্যালয় ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি স্থাপন কৰি আইন বিৰোধী কাৰ্য চলাই নিয়া একাংশ লোকৰ কবলৰ পৰা সেই স্থান বেদখল মুক্ত কৰে বুলি উল্লেখ কৰে চক্ৰ বিষয়াই ৷

গোৱালপাৰাত উচ্ছেদ অভিযান
গোৱালপাৰাত উচ্ছেদ অভিযান

গোৱালপাৰা, 20 আগষ্ট: বে-আইনীভাৱে চৰকাৰী ভূমিত থকা বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰাত বৃহস্পতিবাৰে চৰকাৰৰ নিৰ্দেশ অনুযায়ী এক উচ্ছেদ অভিযান চলায় জিলা প্ৰশাসনে ৷ গোৱালপাৰাৰ লক্ষীপুৰত জিলা প্ৰশাসনৰ লোকে উচ্ছেদ অভিযান চলাই প্ৰশাসনৰ অনুমতি অবিহনে ভিন্ন ঠাইত স্থাপন কৰা দোকান-পোহাৰ আদি ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিদ্যালয় গৃহ আদিও উচ্ছেদ কৰে ৷

চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰাত উচ্ছেদ অভিযান

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি অঞ্চলটোৰ একাংশ অসাধু লোকে স্থানীয় প্ৰশাসনৰ অনুমতি নোহোৱাকৈয়ে সেই স্থানত বিদ্যালয় ঘৰ, ব্যাৱসায়িক প্ৰতিষ্ঠান আদি স্থাপন কৰি আহিছে ৷ এই অভিযোগ উত্থাপন কৰিছে চক্ৰ বিষয়া ৰিপনজ্যোতি নাথে ৷ যাৰ বাবে চক্ৰ বিষয়াগৰাকীৰ লগতে আৰক্ষীৰ উপস্থিতিত বৃহস্পতিবাৰে লক্ষীপুৰ নগৰত উচ্ছেদ অভিযান চলাই সেই স্থানসমূহ বেদখল মুক্ত কৰে জিলা প্ৰসাশনে ৷ আনহাতে আন আন বেদখলকাৰীসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা অতি শীঘ্ৰেই সেই নিৰ্দিষ্ট স্থানসমূহ বেদখল মুক্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.