MLA Nandita Das : ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল বিধায়িকা নন্দিতা দাস

author img

By

Published : Nov 13, 2022, 5:00 PM IST

MLA Nandita Das

ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল বিধায়িকা নন্দিতা দাস (MLA Nandita Das)৷ বকো সমষ্টিৰ সমস্যা সমাধানত বিধায়িকাগৰাকী ব্যৰ্থ হোৱাৰ অভিযোগ তোলে সভাত উপস্থিত ৰাইজে ৷ ইয়াকে লৈ বিধায়িকাগৰাকীৰ লগত সমষ্টিবাসীৰ কথাৰ কটাকটিও হোৱা দেখা যায় ৷

গোৱালপাৰা, 13 নৱেম্বৰ : এইবাৰ নিজৰেই সমষ্টিতে ৰাইজৰ ৰোষত পৰিল সমষ্টি উন্নয়নত ব্যৰ্থ এগৰাকী বিধায়িকা । ভাষণত সমষ্টি উন্নয়নৰ জয়গান গাই থকা অৱস্থাতে জাঙুৰ খাই উঠিল সাধাৰণ ভোটাৰ । ভাষণৰত অৱস্থাতে সমষ্টিবাসীয়ে কৰিলে জবাবদিহি । অৱেশষত পৰিৱেশ পৰিস্থিতি ভাল নেদেখি ভাষণ সামৰি প্ৰস্থান কৰিলে সভাস্থলীৰ পৰা ।

এই ঘটনা সংঘটিত হয় বকোৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ সৈতে । শনিবাৰে বকোৰ বদলা মালিবাৰী বজাৰ ক্লাৱৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়িকা নন্দিতা দাস । সভাত বিধায়িকাগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত বকো সমষ্টিত বহুতখিনি উন্নয়ণ তেওঁৰ কাৰ্যকালতে কৰা হৈছে বুলি কোৱাৰ লগে লগে সাধাৰণ ৰাইজে এই কথাৰ প্ৰতিবাদ জনায় ।

ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল বিধায়িকা নন্দিতা দাস

কেৱল ইমানেই নহয় একাংশ লোকে সভাস্থলীতে জবাবদিহি কৰে কংগ্ৰেছ বিধায়িকাগৰাকীক । ভালেখিনি সময় কথাৰ কটাকটি হয় ৰাইজ আৰু বিধায়িকাৰ মাজত । বকো সমষ্টিৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ সন্দৰ্ভত সভাত উপস্থিত ৰাইজে বিধায়িকাগৰাকীক প্ৰশ্ন কৰাত বিধায়িকাগৰাকীয়ে স্বীকাৰ কৰে যে, সমষ্টিটোত বহু পথ মেৰামতিৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু সেই অনুসৰি পুঁজি লাভ কৰা নাই (MLA Nandita Das interrogates by public) ৷ পৰৱৰ্তী সময়ত ভাষণ সামৰি কৌশলেৰে সভাস্থলী ত্যাগ কৰে নন্দিতা দাসে ।

ৰাজহুৱা সভাতে ৰাইজৰ ৰোষত পৰিল বিধায়িকা নন্দিতা দাস

উল্লেখ্য যে, শনিবাৰৰ সভাখনতে বিগত ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দিয়াৰ পাছতো বিধায়িকাগৰাকীক গাড্ডাৰ সজোৱা হৈছে বুলি উল্লেখ কৰে । লগতে বিধায়িকাগৰাকীক যিসকল লোকে সামাজিক মাধ্যমত গাড্ডাৰ বুলি অভিহিত কৰিছিল তেওঁলোকক আল্লাই ক্ষমা নকৰে বুলিও মন্তব্য কৰে বিধায়িকা নন্দিতা দাসে (Boko MLA Nandita Das)।

লগতে পঢ়ক : New Political equation of DAC: দেউৰী স্বায়ত্ত-পৰিষদ গঠনৰ নতুন সমীকৰণ, আজি মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব জে পি পি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.