Dragon Fruits Farming: ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন গোৱালপাৰাৰ যুৱকৰ

author img

By

Published : Nov 24, 2022, 3:13 PM IST

Updated : Nov 24, 2022, 4:15 PM IST

Assam Youth self reliant with Dragon Fruits Farming

ড্ৰেগন ফল ৷ মেক্সিকোৰ এই ফলবিধ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ৷ উন্নত জাতৰ এই ফলবিধৰ খেতি কৰি এইবাৰ স্বাৱলম্বী হৈছে গোৱালপাৰা জিলাৰ শোলমাৰীৰ সুপ্ৰভাত ৰাভা ৷ এই খেতি কৰিয়েই তেওঁ আন দহজন লোককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে (Assam Youth self reliant with Dragon Fruits Farming) ৷

গোৱালপাৰা, 24 নৱেম্বৰ : বিচাৰিলে সকলো পোৱা যায় । মাত্ৰ মনত সাহস আৰু বিষয়বস্তুৰ প্ৰতি হাবিয়াস থাকিব লাগে ৷ অসমীয়াত এষাৰ কথা আছে- মন কৰিলেই চন, বাকৰি মাটিতো ধন । অৰ্থাৎ মনেই হৈছে সকলো ৷

আজি আমি ক’বলৈ লৈছো ড্ৰেগন ফলৰ বিষয়ে ৷ ড্ৰেগন এবিধ উন্নত জাতৰ ফল ৷ কৰ্কট, ডায়েবেটিছ, কলেষ্টৰেল, ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যা দূৰীকৰণৰ বাবে এই উন্নত জাতৰ ফলবিধ অতি উত্তম ৷ পূৰ্বতে এই ফলৰ খেতি কৰি বিভিন্নজন লোক উপকৃত হোৱা দেখা গৈছে (Dragon Fruits Farming) ৷

ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন গোৱালপাৰাৰ যুৱকৰ

মেক্সিকোৰ এই ফলবিধৰ সম্পৰ্কে বহুতেই হয়তো পৰিচিত নহয় ৷ বহুলোকে হয়তো নামেই শুনা নাই ৷ কিন্তু এই ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হৈছে এতিয়া সুপ্ৰভাত ৰাভা আৰু ধনঞ্জয় ৰায়ে ৷ গোৱালপাৰা জিলাৰ শোলমাৰীৰ সুপ্ৰভাত ৰাভাই ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে আন দহজনক (Assam Youth self reliant with Dragon Fruits Farming)।

যি সময়ত চৰকাৰী চাকৰিৰ বাবে যুৱ প্ৰজন্মই হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত চৰকাৰী চাকৰিৰ আশা বাদ দি শিক্ষিত ৰাভাই ড্ৰেগন ফলৰ খেতি কৰি উপাৰ্জন কৰিছে মাহেকত 50 হাজাৰ টকাৰো অধিক পুঁজি । প্ৰায় 8 বিঘা মাটিত 8000 ড্ৰেগন ফলৰ পুলি ৰুই এতিয়া কৃষকদ্বয়ে মাহেকত আয় কৰিবলৈ সক্ষম হৈছে লাখ টকাৰো অধিক ।

লগতে পঢ়ক : Self reliant with farming : বাঘমৰী চাপৰিত এদল শিক্ষিত যুৱকৰ সেউজ বিপ্লৱ

কৃষক ধনঞ্জয় ৰায়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈকে গোৱালপাৰা জিলা কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা লাভ কৰা নাই কৃষকদ্বয়ে ৷ সুপ্ৰভাত ৰাভাই বৰ্তমানে নিজৰ খেতিৰ পৰাই পাইকাৰী বজাৰত প্ৰতি কিলো ড্ৰেগন ফল বিক্ৰী কৰি আহিছে 400/500 টকাত ৷ আনকি খুচুৰা বজাৰতো এই ফল বিক্ৰী কৰি আহিছে কৃষকদ্বয়ে ৷

যিসময়ত ৰাজ্যত নিৱনুৱা সমস্যাই একাংশ শিক্ষিত যুৱক যুৱতীক হতাশ কৰি পেলোৱা পৰিলক্ষিত হৈছে, তেনেক্ষেত্ৰত খেতিয়ে এতিয়া একাংশ লোকক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷ সেয়ে চাকৰিৰ পিছে পিছে নুঘূৰি প্ৰচুৰ ‌উপাৰ্জন থকা খেতি কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ নিবনুৱা যুৱক যুৱতীক আহ্বান জনাইছে কৃষক ধনঞ্জয় ৰায়ে ৷

লগতে পঢ়ক : Dragon Fruits Farming: ৰাজ্যৰ কৃষি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে ড্ৰেগন ফ্ৰুইটে

Last Updated :Nov 24, 2022, 4:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.