ETV Bharat / state

Bhupen Bora in gang attack victim house :গোৱালপাৰাত বালি-কাঠৰ ২০০ কোটি টকাৰ ছিণ্ডিকেট:ভূপেন বৰা

author img

By

Published : Jun 1, 2023, 6:49 PM IST

গোৱালপাৰা জিলাৰ কৃষ্ণাইত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা । তেওঁ বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত নিহত ৰাজবীৰ আহমেদৰ গৃহত উপস্থিত হৈ ঘটনাৰ বুজ লৈ ন্যায়িক তদন্তৰ দাবী জনায় (Congress demand for judicial inquiry) ।

Congress demand for judicial inquiry
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা

কৃষ্ণাইত নিহত বনকৰ্মীৰ বাসগৃহত ভূপেন বৰা

গোৱালপাৰা, ১ জুন :গোৱালপাৰা জিলাৰ কৃষ্ণাইত বৃহস্পতিবাৰে উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (APCC president in Krisnai)। বন মাফিয়াৰ দলবদ্ধ আক্ৰমণত নিহত হোৱা ৰাজবীৰ আহমেদৰ গৃহত উপস্থিত দুৰ্ভগীয়া পৰিয়ালটোক সান্তনা দিয়ে । বন মফিয়া আৰু বনকর্মীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত মৃত্যু হোৱা কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰাজবীৰ আহমেদৰ কৃষ্ণাইস্থিত বাসগৃহত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে (Bhupen Bora in Gang attack victim House)৷ তেওঁ ৰাজবীৰ আহমেদৰ পৰিয়ালৰ লোক সকলৰ মতামত গ্ৰহণ কৰাৰ লগতে পৰিয়ালটোক কিছু আৰ্থিক সাহায্যও প্ৰদান কৰে ৷

ইফালে,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই চৰকাৰ আৰু বন বিভাগক তীব্ৰ সমালোচনা কৰাৰ লগতে অবৈধ কাঠৰ ব্যৱসায়, বালি ব্যৱসায় আৰু নকল সোণৰ ব্যৱসায় চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ গোৱালপাৰা জিলাত বালি আৰু কাঠৰ ২০০ কোটি টকাৰ ছিণ্ডিকেটত ডিএফ অ' জড়িত থকাৰ অভিযোগ থকাৰ পিচতো চৰকাৰে তেওঁৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাটো দুৰ্ভাগ্য়জনক বুলি মন্তব্য় কৰে ভূপেন বৰাই (Syndicate of sand and wood in Goalpara)। বনকৰ্মীক আক্ৰমণত জড়িতক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ইয়াৰ আঁৰত থকা লোকসকলক কৰায়ত্ত নকৰাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। এই ঘটনাত জড়িতক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ তেওঁ দাবী জনায় (Congress allegation of wood in Goalpara)৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই পুনৰ কয় যে নকল সোণ,নকল টকাৰ বাবে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু হৈছে । বালি, কাঠ মাফিয়াৰ বাবে বনকৰ্মীৰ মৃত্যু হৈছে ৷ নকল সোণ,কাঠ,বালি মাফিয়াই অসম চলাই আছে নে চৰকাৰে অসম চলাই আছে বুলি প্ৰশ্ন তুলি তেওঁ চৰকাৰক কটাক্ষ কৰে। তেওঁ কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত মুখ্যমন্ত্ৰীয়ে চি বি আইক দিয়া বুলি ঘোষণা কৰিছিল যদিও আজিলৈকে চিবিআই অসমত আহি তদন্ত কৰা দেখা নগ'ল ৷ প্ৰকৃততে অসম চৰকাৰে ৰাইজক সান্তনা দিয়াৰ বাবেহে চিবিআইক তদন্ত দিয়া বুলি ঘোষণা কৰিছে বুলি তেওঁ মন্তব্য় কৰে ৷

লগতে পঢ়ক:Rangia terrible road accident : ৰঙিয়াৰ চেপ্তিত যাত্ৰীবাহী আৰু স্কুলৰ বাছৰ মাজত সংঘৰ্ষ, আহত 20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.