ETV Bharat / state

মুকলি হোৱাৰ পূৰ্বেই লক্ষীপুৰত খহি পৰিল দলং

author img

By

Published : Mar 11, 2022, 2:04 PM IST

গোৱালপাৰা লক্ষীপুৰত অঘটন ৷ মুকলি হোৱাৰ পূৰ্বেই লক্ষীপুৰত ভাগিল দলং (A wooden bridge collapse in Golpara) । ঘটনাক কেন্দ্ৰ কৰি অঞ্চচলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷

Wooden bridge collapse
মুকলি হোৱাৰ পূৰ্বেই লক্ষীপুৰত খহি পৰিল দলং

গোৱালপাৰা, 11 মাৰ্চ : গোৱালপাৰাত অঘটন ৷ মুকলি হোৱাৰ পূৰ্বেই গোৱালপাৰা জিলাৰ ছোটশিগৰীত আগিয়া লক্ষীপুৰত ভাগিল দলং (A wooden bridge collapse in Golpara) ৷ যাৰবাবে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

জানিব পৰা মতে, বিগত বছৰত পাহাৰীয়া ঢলপানীয়ে ছোটশিগৰীৰ আগিয়া-লক্ষীপুৰ গড়কাপ্তানী পথছোৱাৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই লৈ গৈছিল । ফলত অসম চৰকাৰে ততাতৈয়াকৈ সেইস্থানত যাতায়তৰ বাবে এখন ব্ৰেইলী দলং নিৰ্মাণ কৰি দিছিল । আনকি তিনিমাহ পূৰ্বে একে স্থানতে ব্ৰেইলী দলঙৰ কাষত লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছিল আন এখন কাঠৰ দলং ।

মুকলি হোৱাৰ পূৰ্বেই লক্ষীপুৰত খহি পৰিল দলং

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, কিছুদিন পূৰ্বে কাঠৰ দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰে । অৱশ্যে দলংখনৰ আনুসংগিক কিছু কাম-কাজ থকাৰ বাবে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হোৱা নাছিল নকৈ নিৰ্মাণ কৰা দলংখন ৷ কিন্তু নকৈ নিৰ্মাণ কৰা দলংখন মুকলি নৌহওতেই ঘটিল অঘটন ৷

বৃহস্পতিবাৰে নৱ নিৰ্মিত দলংখনেৰে পাৰ হ’বলৈ চেষ্টা কৰিছিল এ এচ 26 ছি 6679 নম্বৰৰ এখন শিল-বালি ভৰ্তি এখন ডাম্পাৰে ৷ কিন্তু ডাম্পাৰখন দলঙৰ মাজ অংশ পাওঁতেই হঠাৎ ভাগি পৰে । ফলত দলংখনৰ ঠিক মাজভাগত ডাম্পাৰখন ওলমি ৰয় ৷ জানিব পৰা মতে, নৱ নিৰ্মিত ভগ্ন দলংখনত ওলমি ৰোৱা ডাম্পাৰখন বঙাইগাঁও জিলাৰ কাবাইটাৰীৰ আনাৰ আলীৰ ৷

ইপিনে স্থানীয় ৰাইজৰ অভিযোগ, ঠিকাদাৰে নাম মাত্ৰহে দলংখনৰ নামত আৱন্টিত ধন ব্যয় কৰিছে ৷ বাকীখিনি সমুদায় ধন আত্মসাৎ কৰিছে দায়িত্বত থকা ঠিকাদাৰে ৷ যাৰবাবে ৰাইজৰ বাবে মুকলি হোৱাৰ পূৰ্বেই ভাঙি যায় দলংখন ৷

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, নৱনিৰ্মিত দলংখনৰ ওপৰত ডাম্পাৰখন উঠি যোৱাত দলংখনৰ মাজৰ কেইটামান খুঁটি প্ৰায় ২০ ফুট তললৈ বহি যায় । কাঠৰ দলংখনত ডাম্পাৰ এখন উঠাৰ পিছতেই দলংখন দুখণ্ড হৈ বিভক্ত হৈ যোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক : Road accident at Rangia : ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.