হাফলঙত কুঁৱাত পৰি দুই যুৱকৰ মৃত্যু

author img

By

Published : Sep 24, 2022, 8:26 PM IST

হাফলঙত কুঁৱাত পৰি দুই যুৱকৰ মৃত্যু

হাফলঙত কুঁৱাত পৰি মৃত্যু হ’ল দুই যুৱকৰ ৷ এটা মন্দিৰৰ চৌহদত থকা কুঁৱাত পৰি মৃত্যু হয় যুৱকদ্বয়ৰ ৷ কুঁৱাৰ ভিতৰত আৱদ্ধ এজন যুৱক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু হয় আন এজন যুৱকৰ (Youth dead falling into well in Halflong)৷

হাফলং, 24 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ এটা মন্দিৰৰ কুঁৱাত পৰি দুই যুৱকৰ কৰুণ মৃত্যু ৷ প্ৰাপ্ত তথ্য অনুসৰি হাফলং চহৰস্থিত অখণ্ড মন্দিৰৰ চৌহদৰ এটা কুঁৱাৰ ভিতৰত সোমাই পৰে মন্দিৰটোৰ চোৱাচিতাৰ দ্বায়িত্বত থকা যুৱকজন ৷ যুৱকজন কুঁৱাটোৰ ভিতৰত সোমাই পৰাৰ পাচতে তেওঁক উদ্ধাৰ কৰিবলৈ গৈ আন এজন যুৱকো কুঁৱাটোৰ ভিতৰত আৱদ্ধ হৈ পৰে ৷

জানিব পৰা মতে, কুঁৱাটোত সংলগ্ন মটৰৰ এটা ভাল্ভ কুঁৱাটোৰ ভিতৰত পৰাৰ পাছতে শংকৰ দাস নামৰ মন্দিৰটোৰ দ্বায়িত্বত থকা যুৱকজনে কুঁৱাটোৰ ভিতৰলৈ সোমাই যায় ৷ বহু সময় ধৰি যুৱকজন ওপৰলৈ উঠি নহাত তেওঁৰ লগতে কাম কৰি থকা এজন যুৱকো কোৱাটোৰ ভিতৰলৈ নামি যায় ।

তাৰ পাচতে কুঁৱাৰ ভিতৰত অক্সিজেনৰ অভাৱত দুয়োজন যুৱকৰ মৃত্যু ঘটে (Youth dead falling into well in Halflong) । ইপিনে এই ঘটনা সংঘটিত হোৱাৰ পাচতে মন্দিৰ কৰ্তৃপক্ষই হাফলং আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । খবৰ লাভৰ পাচতে হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়া ঘটনাস্থলীত উপস্থিত হয় ।

একে সময়তে অগ্নি নিৰ্বাপক বাহিনীৰ লোকো ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰায় এক ঘণ্টা চেষ্টাৰ পাচত যুৱকদ্বয়ক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ(Haflong Civil Hospital) প্ৰেৰণ কৰে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ।

উল্লেখ্য যে, মৃত্যু হোৱা যুৱকদ্বয়ৰ শংকৰ দাস হৈছে হাফলং অখণ্ড মন্দিৰৰ কেয়াৰটেকাৰ আৰু দ্বিতীয় যুৱকজন হৈছে কাছাৰৰ বৰখোলা আৰক্ষী থানাৰ অন্তৰ্গত বিহাৰ ধলছৰাৰ বাসিন্দা পৱন দাস ৷

লগতে পঢ়ক: কাৰ্বি আংলঙত শোকাৱহ দুৰ্ঘটনা, নিহত এক দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.