ETV Bharat / state

কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ !

author img

By

Published : Jul 17, 2021, 12:34 PM IST

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ 27 আৰু 54 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ডিমাচা ছাত্ৰ সন্থা (Dimasa Student's Union) ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ডিমাচা ছাত্ৰ সন্থাই ৷

কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ
কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ

ডিমা হাছাও, 17 জুলাই : ৰাজ্যত পুনৰ উত্থাপিত হৈছে দুৰ্নীতিৰ আন এক অভিযোগ ৷ এইবাৰ শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ 27 আৰু 54 ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিম বাংলোৰ পৰা জাতিংগা হাৰেংগাজাও লৈকে যোৱা ঘাইপথ চোৱাত নিৰ্মাণৰ নামত দুৰ্নীতি সংঘতিত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে ডিমাচা ছাত্ৰ সন্থাই (Dimasa Student's Union)৷

শুকুৰবাৰে ডিমাচা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক প্ৰমিত চেংয়ঙে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণৰ নামত হোৱা সমস্ত দুৰ্নীতিৰ তথ্য দাঙি ধৰে ৷ অভিযোগ অনুসৰি, শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰিম বাংলোৰ পৰা জাতিংগা 24 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 20 কোটি আৰু জাতিংগাৰ পৰা হাৰেংগাজাও লৈকে 25 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে 54 কোটি টকাৰ পুঁজি আৱন্টন দিয়া হৈছিল ৷ কোটি টকা ব্যয় সাপেক্ষে ধাৰ্য কৰা এই পথচোৱা নিৰ্মাণৰ নামত ৰত্না আৰু লক্ষ্মী মটৰচ নামৰ প্ৰতিষ্ঠানে দুৰ্নীতিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ডিমাচা ছাত্ৰ সন্থা ৷

কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ

ডিমাচা ছাত্ৰ সন্থাই অভিযোগ কৰা অনুসৰি, এই ঘাই পথচোৱা নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ প্ৰসংগত 2020 চনৰ 29 অক্টোবৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গডকাৰীক (Nitin Gadkari) এখন স্মাৰকলিপি প্ৰদান কৰা হৈছিল ছাত্ৰ সন্থাৰ ফালৰ পৰা ৷ কিন্তু তাৰো সদোত্তৰ নাপালে ডিমাচা ছাত্ৰ সন্থাই ৷ এই ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি থকা বুলি উল্লেখ কৰে ডিমাচা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ঙে ৷

আনহাতে, বৃহস্পতিবাৰে বিধানসভাৰ অধিৱেশনত বিধায়িকা নন্দিতা গাৰ্লচাই (Nandita Garlosa) বিধানসভাৰ প্ৰশ্নোত্তৰ কালত এই ৰাষ্ট্ৰীয় ঘাইপথ লৈ প্ৰশ্ন উত্থাপন কৰে ৷ তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডা৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে, ইতিমধ্যে নিৰিম বাংলোৰ পৰা হাৰেংগাজাও লৈ 49 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণে 1,823 কোটি টকাৰ পুঁজি আৱন্টন দিছে আৰু এই বছৰৰ অৰ্থাৎ 2021ৰ ডিচেম্বৰ লৈকে এই ঘাইপথ নিৰ্মাণৰ বাবে দৰপত্ৰ আহ্বান কৰা হ’ব ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই ঘোষণাক লৈ ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক গৰাকীয়ে আশা প্ৰকাশ কৰি কয় যে, আগন্তুক দিনত ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপিয়ীৰ শিলচৰৰ পৰা সৌৰাষ্ট্ৰ লৈকে ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণৰ যি স্বপ্ন আছিল সেয়া এতিয়া পূৰ্ণ হ’ব ৷ যাৰ লৈ আশাবাদী ডিমাচা ছাত্ৰ সন্থা ৷

লগতে পঢ়ক : গো-সংৰক্ষণ বিধেয়কৰ সৰ্ন্দভত খ্ৰীষ্টান সমাজৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.