ETV Bharat / state

বতৰৰ বিধি পথালিৰ বাবে হাফলঙত ৰাহুল গান্ধীৰ সভা বাতিল

author img

By

Published : Mar 30, 2021, 8:03 PM IST

বতৰৰ বিধি পথালিৰ বাবে হাফলঙত ৰাহুল গান্ধীৰ সভা বাতিল
বতৰৰ বিধি পথালিৰ বাবে হাফলঙত ৰাহুল গান্ধীৰ সভা বাতিল

মঙলবাৰ হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা আছিল ৰাহুল গান্ধীয়ে । পিছে পুৱাৰ পৰা প্ৰতিকুল বতৰ আৰু বৰষুণৰ বাবে অৱশেষত বাতিল হয় ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা ।

ডিমা হাছাও 30 মাৰ্চ: মঙলবাৰে প্ৰতিকুল বতৰ আৰু প্ৰৱল বৰষুণৰ বাবে হাফলংত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ৰাহুল গান্ধীৰ জনসভা বাতিল হয় । মঙলবাৰ হাফলং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ লোৱাৰ কথা আছিল ৰাহুল গান্ধীয়ে । পিছে পুৱাৰ পৰা প্ৰতিকুল বতৰ আৰু নেৰানেপেৰা বৰষুণৰ বাবে অৱশেষত বাতিল হয় ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা।

কংগ্ৰেছৰ যুৱৰাজক চাবলৈ হাফলং এল এল দাওলাগাপু খেল পথাৰত সহস্ৰাধিক সাধাৰণ ৰাইজ সমবেত হৈছিল প্ৰৱল বৰষুণক নেওচি । কিন্তু ৰাহুল গান্ধী নিৰ্বাচনী সভাত ভাগ ল’ব নোৱাৰিলেও এই নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক সমৰজিত হাফলঙবাৰে ভাষণ প্ৰদান কৰা দেখা যায় ৷

লগতে পঢ়কঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.