ETV Bharat / state

Debolal Gorlosa : দেব’লাল গাৰ্লোচাৰ বিৰুদ্ধে উঠা অভিযোগ ভিত্তিহীন : জিলা বিজেপিৰ সংবাদমেল

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:40 PM IST

Press Meet of Dima Hasao District BJP
দেবলাল গাৰ্লোচা

ডিমা হাছাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধৃতি থাওচেনৰ সংবাদমেল ৷ দেব’লাল গাৰ্লোচাৰ বিৰুদ্ধে উঠা অভিযোগৰ কোনো ভিত্তি নাই বুলি মন্ত্যব কৰে ডিমা হাছাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধৃতি থাওচেনে ৷

ডিমা হাছাও জিলা বিজেপিৰ সংবাদমেল

হাফলং, 3 নৱেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে উঠা অভিযোগৰ কোনো ভিত্তি নাই বুলি মন্ত্যব কৰে ডিমা হাছাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধৃতি থাওচেন ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি ডিমা হাছাও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ধৃতি থাওচেনে কয় যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন সংবাদমাধ্যমত সম্প্ৰচাৰিত বাতৰি সম্পূৰ্ণ ভিত্তিহীন ৷

তেওঁ কয় যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত আৰু এতিয়া পাহাৰীয়া জিলাত নিৰ্বাচনৰ বতৰ চলিছে ৷ নিৰ্বাচনৰ বতৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোচাৰ বিৰুদ্ধে এনে অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে বিৰোধী দল সমূহে ৷ জিলা বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় দেব’লাল গাৰ্লোচাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে এই অভিযোগৰ কোনো ভিত্তি নাই ৷

দেব’লাল গাৰ্লোচাই কোনো চৰকাৰী ভূমি দখল কৰা নাই আৰু ৰাজ্যৰ একাংশ সংবাদমাধ্যমত দেব’লাল গাৰ্লোচাৰ কন্যাৰ নামত উমৰাংচত 1 হাজাৰ বিঘা ভূমি আছে বুলি যি অভিযোগ উত্থাপন হৈছে এই অভিযোগ খণ্ডন কৰি নেতাজনে কয় যে, ৰাজনীতিৰ বাবে দেব’লাল গাৰ্লোচাৰ কণমানি কন্যাৰ নাম লৈ এনে অপপ্ৰচাৰ চলোৱা ঠিক নহয় আৰু ইয়াৰ কোনো সত্যতা নাই ৷ লগতে চৰকাৰী ভূমি দখল কৰি দেব’লাল গাৰ্লোচাই পেট্ৰল পাম্প বনোৱাৰ অভিযোগো খণ্ডন কৰে বিজেপি নেতাজনে ৷

এই বাতৰি সম্প্ৰচাৰ হোৱা সন্দৰ্ভত ধৃতি থাওচেনে কয় যে, হাফলং, হাৰেংগাজাও আৰু কিছু অঞ্চলত পেট্ৰল পাম্প বনোৱা হৈছে ৷ এই সমূহ পেট্ৰল পাম্প উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ আৰু এই পেট্ৰল পাম্পৰ পৰা ৰাজহ লাভ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে বুলি মন্ত্যব কৰে জিলা বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ এনেধৰণৰ ভিত্তিহীন অপপ্ৰচাৰ কৰি ৰাজ্যৰ মাজতে বিভ্ৰান্তি সৃষ্টি কৰাৰ পৰা বিৰোধী দল সমূহক আঁতৰি থাকিবলৈ সকীয়াই দিয়ে ৷ লগতে ধৃতি থাওচেনে কয় যে, দেব’লাল গাৰ্লোচাই ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে সদায় কাম কৰি গৈছে আৰু অনাগত দিনত এই পাহাৰীয়া জিলাৰ উন্নয়নৰ বাবে কাম কৰি যাব বিজেপি দলে ৷

লগতে পঢ়ক: Akhil Gogoi: ডিমা হাছাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ আঁৰত মুখ্যমন্ত্ৰী; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.