ETV Bharat / state

Dimahasao Police firing update: আৰক্ষীৰ গুলীত DNLA কেডাৰৰ মৃত্যু; আৰক্ষী অধীক্ষকৰ চাঞ্চল্যকৰ মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 1:57 PM IST

Dimahasao Police firing update
মাইবাঙত আৰক্ষীৰ গুলীচালনা

আত্মৰক্ষাৰ বাবে বৃহস্পতিবাৰে নিশা মাইবাং আৰক্ষীয়ে গুলীচালনা কৰিছিল ৷ চৰকাৰ আৰু DNLA ৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ সৈতে এই ঘটনাৰ নাই সম্পৰ্ক ৷ এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰে ৷

মাইবাঙত আৰক্ষীৰ গুলীচালনা

হাফলং, 15 ছেপ্টেম্বৰ : ডিমা হাছাও জিলাৰ মাইবাঙত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ আৰক্ষীৰ গুলীচালনাত নিহত হৈছে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ এজন সদস্য আৰু আহত হৈছে আন দুজন সদস্য ৷ এই সমগ্ৰ ঘটনাৰ বুজ ল’বলৈ ইতিমধ্যে মাইবাঙত উপস্থিত হৈছে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰ ৷ আনকি সংবাদ মাধ্যমৰ আগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰ নিশা মাইবাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাহিদুল জামানে মাইবাং 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তহল দি আছিল ৷ তেনে সময়তে তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন লামপু এলেকাত ডিএনএল উগ্ৰপন্থী সংগঠনৰ কেম্প কমাণ্ডাৰ প্ৰদাও ডিমাছাক প্ৰত্যক্ষ কৰিছিল ৷

Dimahasao Police firing update
আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে কৰিছিল গুলীচালনা

তেতিয়া মাহিদুল জামানে তেওঁক ৰাতি বহুত হৈছে সেয়ে কেম্পলৈ ঘূৰি যাবলৈ কৈছিল ৷ কিন্তু প্ৰদাও ডিমাছাই তেওঁৰ কথা নামানি বাক বিতণ্ডাতহে লিপ্ত হয় ৷ তাৰ পাচতে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ 22/23 গৰাকী সদস্য এটা দল কেম্পৰ পৰা ওলাই আহি চোকা অস্ত্ৰ, এয়াৰগান আদি লৈ আৰক্ষীৰ বাহন আৰু আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায় ৷

আত্মৰক্ষাৰ বাবে তেতিয়া আৰক্ষীয়ে গুলী চলায় ৷ তেতিয়া ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্যসকল ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে ডিএনএল সদস্য আলি ডিমাছাক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে ৷ আহত আলি ডিমাছাক মাইবাং চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

ইয়াৰ পাচতে আৰক্ষীয়ে আৰু কোনো লোক আহত হৈছে নেকি বুলি পৰীক্ষা কৰিবলৈ আহোতে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ মাইবাং খাচমাইপুৰ কেম্পত আহত অৱস্থাত আন দুইগৰাকী সদস্যক উদ্ধাৰ কৰে ৷ তাৰ পাচতে তেওঁলোকক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰে এজনৰ ভৰি আৰু আনজনৰ পিঠিত গুলী লাগিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আহত দুয়ো বৰ্তমান সংকটমুক্ত বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

আনহাতে, এই ঘটনা সন্দৰ্ভত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৷ ইপিনে বৃহস্পতিবাৰ নিশা এই ঘটনা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক ময়ংক কুমাৰে ৷ লগতে চৰকাৰৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ শান্তি চুক্তিৰ লগত এই ঘটনাৰ কোনো সংযোগ নাই বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক : Police firing in Dimahasao : আৰক্ষীৰ গুলীত নিহত DNLA উগ্ৰপন্থী সংগঠনৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.