ETV Bharat / state

NCHAC Election: দলে মুখ চাই টিকট প্ৰদান নকৰে, কাম কৰিব লাগিব; পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:10 PM IST

NCHAC Election
দলে মুখ চাই টিকট প্ৰদান নকৰে

‘‘নিজৰ সমষ্টিত কাম কৰক ৷ ৰাইজৰ মাজলৈ যাওক ৷ কাৰণ কোনো নেতাই টিকত পোৱাটো নিশ্চিত নহয় ৷ ’’ হাফলঙত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

দলে মুখ চাই টিকট প্ৰদান নকৰে

হাফলং, 5 ছেপ্টেম্বৰ : সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ সোমবাৰে হাফলঙত অসম গোর্খা সন্মিলনৰ ডিমা হাছাও জিলা কমিটিৰ তৃতীয় বাৰ্ষিক সন্মিলনত অংশ গ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

ইয়াৰ পাচতে হাফলং অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে । লগতে হাফলং বাজপেয়ী ভৱনত এখন কৰ্মী সভাতো অংশ গ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘কোনো বিজেপি নেতাৰ টিকট নিশ্চিত নহয় । বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ বিজেপিৰ ইএম (EM) বা সদস্যসকলৰ টিকট পোৱাৰ বিষয়টো এতিয়াও নিশ্চিত নহয় ৷ বিজেপি নেতা-কৰ্মী সকলে আগতে ৰাইজৰ মাজতে গৈ কাম কৰক ৷ কাৰণ দলে মুখ চাই টিকট প্ৰদান নকৰে ৷ কাম লৈ হে টিকট প্ৰদান কৰিব ৷ সেয়ে নিজৰ সমষ্টিত গৈ কাম কৰক ৷ মই এই কথা খিনি বিশ্বাস কৰো ৷ ’’

বিজেপিৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে দলৰ মাজতে মত বিৰোধ থাকিব পাৰে ৷ কিন্তু ইয়াৰ বাবে দলৰ ক্ষতি হোৱা উচিত নহয় ৷

আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপি নেতা কৰ্মীসকলক একগোট হৈ কাম কৰিব লাগিব ৷ যাতে বিজেপি দলে পাৰ্বত্য পৰিষদৰ 28 খন আসনত জয়ী হ’ব পাৰি তাৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলে কাম কৰি যাব লাগিব ৷

লগতে পঢ়ক: Debolal Gorlosa Press Meet: NCHAC নিৰ্বাচনক লৈ তৎপৰ বিজেপি, কংগ্ৰেছে এখনো আসন নাপায় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.