নিৰ্মলা সীতাৰমণে ভূমিপূজন কৰিলে নামনি কপিলী জল বিদ্যুৎ প্ৰকল্পৰ

author img

By

Published : Oct 7, 2021, 7:38 PM IST

নিৰ্মলা সীতাৰমনে ভূমিপূজন কৰিলে নামনি কপিলী জল বিদ্যুৎ প্ৰকল্পৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ ৰখাৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ডিমা হাছাওৰ উমৰাংচুৰ লংকুত নামনি কপিলী জল বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ 2700 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব এই প্ৰকল্প ৷

ডিমা হাছাও,7 অক্টোবৰ : অসমৰ একমাত্ৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচুৰ লংকুত বৃহস্পতিবাৰে নামনি কপিলী জল বিদ্যুৎ প্ৰকল্প(Lower Kopili Hydro Electric Project)ৰ ভূমি পূজন কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ অসম শক্তি উৎপাদন নিগম(Assam Power Generation Corporation) ৰ অধীনত 2700 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব এই প্ৰকল্প ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

নিৰ্মলা সীতাৰমনে ভূমিপূজন কৰিলে নামনি কপিলী জল বিদ্যুৎ প্ৰকল্পৰ

ভূমিপূজনত উপস্থিত থাকি এই অঞ্চলটোৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অধিক পুঁজিৰ আবন্টন দিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ উমৰাংচু লংকু কপিলী জল বিদ্যুৎ প্ৰকল্পৰ ভূমিপূজনত ভাগ লোৱাৰ পিছত দিয়ুংমুখৰ পৰা নিম্ন হাফলং লৈকে দুইলেন ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ উপৰিও দুয়োটা অনুষ্ঠানতে উপস্থিত থাকে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰা, উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, হাফলং সমষ্টিৰ বিধায়িকা নন্দিতা গাৰ্লচা আৰু কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷

জল বিদ্যুৎ প্ৰকল্পটোৰ ভূমিপূজনত অংশগ্ৰহণ কৰি ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত কয় যে, "2700 টকা ব্যয় সাপেক্ষে 120 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সম্পন্ন নিম্ন কপিলী জল বিদ্যুৎ প্ৰকল্প গঢ়ি তোলা হ'ব ৷ আমাৰ চাহিদা অনুসৰি ঘৰুৱা উৎপাদন কম ৷ প্ৰতিবছৰে পৰ্যাপ্ত বিদ্যুৎ উৎপাদন নোহোৱাৰ বাবে আমি বিদ্যুৎ ক্ৰয় কৰিব লগা হয় ৷ ইয়াৰ দ্বাৰা আমি কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰো তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷"

লগতে পঢ়ক : ৩,০৯৪ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত হ’ব ফ'ৰলেন দলং

ইয়াৰ লগতে শক্তিমন্ত্ৰীয় গৰাকীয়ে কয় যে, কপিলীৰ পানী এচিডিক হোৱাৰ বাবে যাতে কোনো দুৰ্ঘটনা নহয় তাৰ বাবে প্ৰযুক্তিগত আৰু কাৰিকৰী বিচ্যুতি দূৰ কৰাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ উপৰি বিদ্যুৎ ব্যৱস্থাৰ আন্তঃগাঁথনি দূৰ কৰাৰ ক্ষেত্ৰত যি চাব ষ্টেচন আৰু গ্ৰীড চাব ষ্টেচন প্ৰয়োজন তাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে অসমৰ বিদ্যুৎ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত 8-10 বছৰ সময় লাগিব বুলি মন্তব্য কৰে শক্তি মন্ত্ৰী বিমল বৰাই ৷

লগতে পঢ়ক : নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাক GMCH ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.