ETV Bharat / state

ডিমা হাছাওত কৃত্ৰিম বান-ভূমিস্খলনৰ ফলত অভাৱনীয় পৰিস্থিতি

author img

By

Published : Jun 15, 2021, 10:09 AM IST

flooding on the National Highway 27
ডিমা হাছাওত ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান-ভূমিস্খলনৰ ফলত অভাৱনীয় পৰিস্থিতি

ডিমা হাছাও জিলাত হোৱা মুষলধাৰ বৰষুণৰ ফলত 27নং ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে । বিগত কিছুদিন ধৰি হোৱা বৰষুণত এন লেইকুলত হোৱা ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰিছে । যাৰ ফলত ঘাইপথটোৰ এটা অংশৰে বৰ্তমানেও যান-বাহন চলাচলৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে ।

ডিমা হাছাও, 15 জুন : ডিমা হাছাও জিলাত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানে সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতিৰ ৷ ডিমা হাছাও জিলাত হোৱা মুষলধাৰ বৰষুণৰ ফলত শিলচৰ-বহিঃৰাজ্য সংযোগী ইষ্ট-ৱেষ্ট কৰিড’ৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত বৰষুণৰ পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে ।

flooding-on-the-national-highway-27
ডিমা হাছাওত কৃত্ৰিম বান-ভূমিস্খলনৰ ফলত অভাৱনীয় পৰিস্থিতি

বিগত কিছুদিন ধৰি হোৱা বৰষুণত মাইবং আৰু জাতিংগাৰ মাজত এন লেইকুলত হোৱা ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰিছিল । ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত বৰ্তমানেও বৰষুণৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । পাহাৰ খহি এতিয়াও ভয়ংকৰ অৱস্থাত আছে ঘাইপথটো । প্ৰতিবছৰে বাৰিষাৰ সময়ত এই ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা বিঘ্নিত হয় । তাৰ পাছতো কিন্তু আজিলৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত তেনে ধৰণৰ কোন পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

flooding on the National Highway 27
ডিমা হাছাওত কৃত্ৰিম বান-ভূমিস্খলনৰ ফলত অভাৱনীয় পৰিস্থিতি

আনহাতে এতিয়া এই শিলচৰ-বহিঃৰাজ্য সংযোগী ইষ্ট-ৱেষ্ট কৰিডৰৰ 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিঙৰ পৰা লাংটিং অংশৰ ঘাইপথৰ ওপৰত বৰষুণৰ পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: এতিয়া কিহত ব্যস্ত ৰাখিছে আপোনাৰ শিশুটি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.