ETV Bharat / state

Inaugurates Statue : হাফলঙত স্বাধীনতা সংগ্ৰামী জয়া থাওচেন-ৰাজকুমাৰী ডিচৰুৰ প্ৰতিমূৰ্তি উন্মোচন দেবলাল গাৰ্লোচাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:49 PM IST

Inaugurates Statue of Freedom Fighter
জয়া থাওচেন আৰু ৰাজ কুমাৰী ডিচৰুৰ প্ৰতিমূৰ্তি উন্মোচন

হাফলঙত স্বাধীনতা সংগ্ৰামী জয়া থাওচেন আৰু ৰাজ কুমাৰী ডিচৰুৰ প্ৰতিমূৰ্তি উন্মোচন ৷ উন্মোচন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷

হাফলংত প্ৰতিমূৰ্তি উন্মোচন

হাফলং, 26 অক্টোবৰ : ডিমা হাছাওৰ সদৰ চহৰ হাফলংত বৃহস্পতিবাৰে স্বাধীনতা সংগ্ৰামী জয়া থাওচেন আৰু ৰাজ কুমাৰী ডিচৰুৰ প্ৰতিমূৰ্তি উন্মোচন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷ বৃহস্পতিবাৰে দিনৰ 11 বজাত হাফলং চহৰৰ প্ৰাণকেন্দ্ৰ ছিনড পইন্টত স্বাধীনতা সংগ্ৰামী জয়া থাওচেন আৰু লোক নিৰ্মাণ বিভাগৰ এচি অফিচৰ সন্মুখত ডিমাছা ৰাজকুমাৰী ডিচৰুৰ প্ৰতিমূৰ্তি উন্মোচন কৰে দেবলাল গাৰ্লোচাই ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি দেবলাল গাৰ্লোচাই কয় যে, ব্ৰিটিছৰ বিৰুদ্ধে যুজঁ দি জয়া থাওচেনে দেশৰ বাবে নিজৰ জীৱন বলিদান দিয়ে ৷ আজি জয়া থাওচেনৰ জন্ম জয়ন্তীত এই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ ক্ষেত্ৰত ডিমা হাছাও জিলাৰ ডিমাছা জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সকলো জনগোষ্ঠীয়ে সহযোগ কৰিছে ৷ তেওঁ লগতে কয় যে ডিমা হাছাও জিলাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ৷ ৰাণী মা গাইডুলুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে ৷ এনেদৰেই সমাজ তথা দেশৰ বাবে কাম কৰি যোৱাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে দেবলাল গাৰ্লোচাই ৷

হাফলঙত এই প্ৰতিমূৰ্তি উন্মোচনৰ পিচতে হাফলং জিলা সন্থাৰ খেল পথাৰত এখন ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শক্তি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য আৰু পৰিষদৰ সদস্যৰ লগতে ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইচ হচমৰ সভাপতি কালীয়েন দাওলাগাপু, ডিমাছা ছাত্ৰ সংস্থা, সদৌ ডিমাছা ছাত্ৰ সন্থা আৰু ডিমা হাছাও জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় সংগঠনক লৈ গঠিত যৌথ সমন্বয় সমিতিৰ প্ৰতিনিধি আৰু গাঁও প্ৰধান সকল ৷

উল্লেখযোগ্য যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ বাহিনী যেতিয়া নাগালেণ্ডলৈ আহিছিল তেতিয়া জয়া থাওচেনে আজাদ হিন্দ বাহিনীৰ বাবে খাদ্য সামগ্ৰী লৈ যোৱাৰ পথত ব্ৰিটিছ সেনাৰ হাতত শ্বহীদ হৈছিল ৷ আজি এই স্বাধীনতা সংগ্ৰামী জয়া থাওচেনৰ জন্ম জয়ন্তী ৷ এই দিনটোতে স্বাধীনতা সংগ্ৰামী জয়া থাওচেন আৰু ৰাজকুমাৰী ডিচৰুৰ মূৰ্তিৰ উন্মোচন কৰা হয় হাফলং চহৰত ৷

লগতে পঢ়ক : Amrit Kalash Yatra : অমৃত কলহ যাত্রাৰ ৰাজ্যিক আনুষ্ঠানিক সভাত ৰাজ্যপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.