ETV Bharat / state

ডিমা হাছাওৰ বান-খহনীয়া বিধ্বস্ত ৰাইজক বিনামূলীয়া চিকিৎসা প্ৰদান

author img

By

Published : Jun 15, 2022, 1:10 PM IST

মেডিকেল ছাৰ্ভিচ চেন্টাৰ আৰু অল ইণ্ডিয়া ডি এছ অৰ যৌথ উদ্যোগত অসমৰ বানবিধ্বস্ত ৰাইজক সহায়ৰ হাত । ডিমা হাছাও জিলাৰ লোৱাৰ হাফলং হাইস্কুলত বিনামূলীয়া চিকিৎসা শিৱিৰ।

at dima hasao
মেডিকেল ছাৰ্ভিচ চেন্টাৰ আৰু অল ইণ্ডিয়া ডি এছ অৰ যৌথ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ

ডিমা হাছাও,15 জুন: ৰাজ্য়ৰ বিভিন্ন ঠাইত এতিয়া বানে ৰাইজক বাৰুকৈয়ে জুৰুলা কৰিছে ( Flood Affected in Assam) । অসহায় ৰাইজে বিচাৰিছে সহায়ৰ হাত । সেয়েহে মেডিকেল ছাৰ্ভিচ চেন্টাৰ আৰু অল ইণ্ডিয়া ডি এছ অ'ৰ যৌথ উদ্যোগত অসমৰ বানবিধ্বস্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱা হৈছে ৷ বানাক্ৰান্ত ৰাইজৰ সাহায্যাৰ্থে 14 জুনৰ পৰা 16 জুনলৈকে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আছে । ইয়াৰে অংশ ৰূপে মঙলবাৰে দিনৰ ১১ বজাত ডিমা হাছাও জিলাৰ লোৱাৰ হাফলং হাইস্কুলত বিনামূলীয়া চিকিৎসা শিৱিৰত শতাধিক বানবিধ্বস্ত ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয় ।

মঙলবাৰৰ এই বিনামূলীয়া চিকিৎসা শিৱিৰটো উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী জয়পুত্ৰ হাগজাৰে । এই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই মেডিকেল ছাৰ্ভিচ চেন্টাৰৰ চাৰিগৰাকী চিকিৎসকেত(Free Health Camp in Dima Hassao) ডিমা হাছাও জিলাৰ লোৱাৰ হাফলং হাইস্কুলত বিনামূলীয়া চিকিৎসা শিৱিৰত) । চিকিৎসকৰ দলটোক সহযোগিতা আগবঢ়ায় ৫ গৰাকী মেডিকেল ছাত্ৰৰ লগতে ভালেসংখ্যক ভলেন্টিয়াৰ আৰু হাফলং কলেজ এন এছ এছৰ ভলান্টিয়াৰসকলে ।

at dima hasao
মেডিকেল ছাৰ্ভিচ চেন্টাৰ আৰু অল ইণ্ডিয়া ডি এছ অৰ যৌথ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ

উক্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সাফল্য কামনা কৰি বক্তব্য আগবঢ়ায় লোৱাৰ হাফলং স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী সোণালী মিত্ৰ, সমাজকৰ্মী আবিৰ গুহ ৰায়, মেডিকেল ছাৰ্ভিচ চেন্টাৰৰ টিম লিডাৰ ডাঃ শ্বাহৰিয়াৰ আলম, হাফলং কলেজ এন এছ এছ গোটৰ শ্বাহিল ৰাজ নুনিছা আৰু এ আই ডি এছ অ'ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে ।

ইপিনে, উক্ত বিনামূলীয়া চিকিৎসা শিৱিৰত অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষা সামগ্ৰীও বিতৰণ কৰা হয় ।

লগতে পঢ়ক: ৰাম-সীতাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট দি আটক বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.