ETV Bharat / state

Busu Dima celebration : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডিমাচা সকলে উদযাপন কৰিলে বুচুডিমা

author img

By

Published : Jan 27, 2022, 9:27 PM IST

dimasa-tribe-celebrates-busu-dima-festival-at-dima-hasao
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডিমাচা সকলে উদযাপন কৰিলে বুচুডিমা

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো উদযাপন কৰা হৈছে এই বুচুডিমা উৎসৱ (Dimasa tribe celebrates Busu Dima at Dima Hasao) ৷ এই বুচুডিমা উৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচায়ই ৷

ডিমা হাছাও, 27 জানুৱাৰী : আজি ডিমাছা জনগোষ্ঠীৰ অতি আদৰৰ উৎসৱ বুচুডিমা অৰ্থাৎ ডিমাছা সকলৰ বিহু (Busu Dima is the biggest local festival) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো উদযাপন কৰা হৈছে এই বুচুডিমা উৎসৱ (Dimasa tribe celebrates Busu Dima at Dima Hasao) ৷ ডিমা হাছাওৰ হাফলঙৰ ৰাজা গোবিন্দ চন্দ্ৰ ৰাজীত অনুষ্ঠিত হোৱা এই বুচুডিমা উৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচায়ই ৷

উল্লেখ্য যে, বুচুডিমা উৎসৱ হৈছে ডিমাছা জনগোষ্ঠীৰ সৰ্ব বৃহৎ উৎসৱ ৷ প্ৰতিবছৰে 27 জানুৱাৰী তাৰিখে এই উৎসৱ পালন কৰা হয় ৷ ডিমাছা জনগোষ্ঠীৰ লোকসকলে গোটেই বছৰ খেতিপথাৰত কাম কৰি ঘৰতে ফচল তুলি ৰখাৰ পাছতে এই বুচুডিমা উৎসৱ উদযাপন কৰে । এই উৎসৱত বিভিন্ন ধৰণৰ সুস্বাদু খোৱাৰ বস্তু লগতে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জুডিমা' বনোৱা হয় ৷

বুচুডিমা উৎসৱত অহা সকলো অতিথিক এই বিশেষ পানীয় জুডিমাৰ জৰিয়তে অভ্যৰ্থনা জনোৱা হয় । ডিমাছা বাদ্য যন্ত্ৰ ঢোল আৰু বাছিৰ শব্দৰ তালে তালে সকলোৱে ডিমাছা জনগোষ্ঠীৰ পৰম্পৰা নৃত্য বাইডিমা নাচি উঠে ৷ ৰাজ্যত ক'ভিডৰ সংহাৰী ৰূপৰ বাবে এইবাৰ চৰকাৰী নিয়ম নীতি মানি আৰু কোভিড বিধি মানি পাহাৰীয়া জিলাৰ বিভিন্ন ঠাইত বুচুডিমা উৎসৱ উদযাপন কৰা হয়।

লগতে পঢ়ক : প্ৰতিবাদস্থলীত আৰক্ষীৰ সৈতে টনা-আজোৰা লাগিল অংকিতা দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.