ETV Bharat / state

ঐক্য আৰু সম্প্ৰতি বর্তাই ৰাখক: ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী

author img

By

Published : Jul 23, 2020, 12:43 PM IST

dimasa national liberation army requested to keep unity among peoples dima hasao assam etv bharat n
ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী

ঐক্য আৰু সম্প্ৰতি বর্তাই ৰখাৰ আহ্বান জনাইছে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী চমুকৈ ডিএনএলএ নামৰ উগ্ৰপন্থী সংগঠনটোৱে । এই সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে সংগঠনটোৰ এগৰাকী শীৰ্ষ নেতাই ।

ডিমা হাছাও,23 জুলাই: সকলো সম্প্ৰদায়ৰ মাজত ঐক্য আৰু সম্প্ৰতি বর্তাই ৰখাৰ আহ্বান জনাইছে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী চমুকৈ ডিএনএলএ নামৰ উগ্ৰপন্থী সংগঠনটোৱে । এই সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰিছে সংগঠনটোৰ এগৰাকী শীৰ্ষ নেতাই । ভিডিঅ’ বাৰ্তাটোত সমাজৰ কল্যাণ আৰু ভূমিৰ অধিকাৰ আদায়ৰ বাবে যুঁজি থকাৰ লগতে সশস্ত্ৰ আন্দোলনেৰে সংগ্ৰাম অব্যাহত থকা বুলি মন্তব্য প্ৰকাশ কৰে উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীয়ে ৷ জাতীয় সংগ্ৰাম, স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে 2019 চনৰ এপ্ৰিলত নেশ্যনেল লিবাৰেচন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটো পুনৰ গঠন কৰা হোৱাৰ কথা ভিডিঅ’ বাৰ্তাটোত প্ৰকাশ কৰা হৈছে ৷

dimasa national liberation army requested to keep unity among peoples dima hasao assam etv bharat n
ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী

লগতে চাওকঃ হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.