ETV Bharat / state

উগ্ৰপন্থীৰে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেত্ৰী

author img

By

Published : Aug 16, 2021, 9:42 PM IST

Dima Hasao district Congress leader arrest in suspect of having connection with DNLA
উগ্ৰপন্থীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেত্ৰী

ডিএনএলএৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ডিমা হাছাও জিলা মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী ৷ দীৰ্ঘদিন ধৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সংগঠনটোক বিভিন্ন সামগ্ৰী যোগান ধৰি সহায় কৰি আহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

ডিমা হাছাও, 16 আগষ্ট : উগ্ৰপন্থী সংগঠনেৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেত্ৰী ৷ সোমবাৰে ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডিমা হাছাও জিলা মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী দিপালী হাপীলাক ৷ কংগ্ৰেছ নেত্ৰী দিপালী হাপীলাৰ বিৰুদ্ধে ডিমাচা নেচনেল লিবাৰেচন আৰ্মিৰ (Dimasa National Liberation Army) সৈতে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি দিপালী হাপীলাই দীৰ্ঘদিন ধৰি উগ্ৰপন্থী সংগঠন ডিএনএলএক (DNLA) ৰেচন পাতি, বিভিন্ন সামগ্ৰী আৰু গাড়ী যোগান ধৰি আহিছিল ৷ উল্লেখ্য যে, দেওবাৰে স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাছাও জিলাৰ মাইবাঙত গুলিয়াগুলীৰ ঘটনা সংঘটিত কৰিছিল ডিমাচা নেচনেল লিবাৰেচন আৰ্মিয়ে ৷

ডিএনএলএ (DNLA) উগ্ৰপন্থী সংগঠনৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা মতে গাঁওখনৰ একাংশ লোকে নিৰাপত্তা বাহিনীক সংগঠনটোৰ গতিবিধিৰ তথ্য প্ৰদান কৰাৰ খবৰ লাভ কৰিছিল তেওঁলোকে ৷ যাৰ বাবে গাঁওখনৰ মানুহৰ মাজত ভীতি প্ৰদৰ্শনৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে গুলী চলায় ।

ইয়াৰ পিছতে সংগঠনটোৰ সন্দেহযুক্ত লিংকমেনগৰাকীক গ্ৰেপ্তাৰ সন্দৰ্ভত তেওঁলোকে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : ডিমা হাছাওত উগ্ৰপন্থী সংগঠনৰ গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.