ETV Bharat / state

"পৱন খেৰাৰ গ্ৰেপ্তাৰৰ ঘটনা লজ্জাজনক"-সমৰজিত হাফলংবাৰ

author img

By

Published : Feb 25, 2023, 8:50 PM IST

Dima Hasao Congress
ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা এআইচিচিৰ মিডিয়া চেলৰ অধ্যক্ষ পৱন খেৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিমা হাছাও জিলা কংগ্ৰেছে । হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেলৰ আয়োজন কৰি ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে কয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা এআইচিচিৰ মিডিয়া চেলৰ অধ্যক্ষ পৱন খেৰাৰ গ্ৰেপ্তাৰৰ ঘটনা লজ্জাজনক (arrest of senior Congress leader Pawan Khera) । সবিশেষ আগলৈ-

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰ

হাফলং, 25 ফেব্ৰুৱাৰী: ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে কয় হাফলঙৰ চেমুয়েল চাংছন নামৰ এগৰাকী বিজেপি নেতাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাৰ বিৰুদ্ধে হাফলং থানাত এখন গোচৰ ৰুজু কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে । ইয়াৰ পিছতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে (arrest of senior Congress leader Pawan Khera) । সংবাদমেলত তেওঁ কয় ইয়াৰ পূৰ্বেও ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে এনে বহু বিতৰ্কিত মন্ত্যব কৰিছে ৷ ইমানেই নহয় ৰাহুল গান্ধীৰ পিতৃকলৈয়ো বিতৰ্কিত মন্তব্য কৰা বিজেপি নেতা সকলে কেতিয়াও ক্ষমা বিচৰা নাই ।

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যকলৈ তেওঁ ইতিমধ্যে ক্ষমাও বিচাৰিছে । কিন্তু চৰকাৰৰ কামত বাধা দিয়া আৰু দেশৰ শান্তি বিনষ্ট কৰাৰ অভিযোগত পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । ডিমা হাছাও জিলাত বিজেপিৰ এগৰাকী নেতাই দুটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে যি বিতৰ্কিত মন্তব্য কৰিছিল তাক কঠোৰ ভাষাৰে নিন্দা জনাই তেওঁ ৷ তেওঁ কয় কোনো ধৰ্মৰ বিৰুদ্ধে গৈ এনে বিতৰ্কিত মন্তব্য কৰি পাহাৰীয়া জিলাৰ পৰিস্থিতি ধ্বংস কৰাৰ চেষ্টা কৰা বিজেপি দলে তেওঁলোকৰ দলৰ ভিতৰত কি চলি আছে সেয়া দেখা উচিত ৷ এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনায় তেওঁ বিজেপি নেতা সকলক ।

22 ফেব্ৰুৱাৰীত চেমুয়েল চাংছনে গোচৰ ৰুজু কৰে আৰু 23 ফেব্ৰুৱাৰীত অসম আৰক্ষীয়ে ৰাতিপুৱা 1000 পথ অতিক্ৰম কৰি দিল্লীত গৈ কংগ্ৰেছৰ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰে (Congress leader Pawan Khera) বুলি মন্তব্য কৰি তেওঁ কয় অসম আৰক্ষী যদি ইমানেই স্মাৰ্ট আৰক্ষী তেনেহ’লে ডিমা হাছাও জিলাৰ দুটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যক লৈ তৃণমূল কংগ্ৰেছে কৰা গোচৰ সন্দৰ্ভত আৰক্ষীয়ে কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই ।

তেওঁ কয় চেমখৰ বোলছবি খনত ডিমাছা জনগোষ্ঠীকলৈ যি বিতৰ্কিত অংশ দেখুৱা হৈছে ইয়াৰ বিৰুদ্ধে সমগ্ৰ ডিমাছা সমাজে পথত নামি হাফলং থানাত গোচৰ ৰুজু কৰাৰ পিছতো আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে এনে প্ৰশ্ন উত্থাপন কৰে সমৰজিত হাফলংবাৰে ৷ ডিমা হাছাও জিলাৰ যি সকল বিজেপি নেতাৰ বিৰুদ্ধে চার্জশ্বীট আছে তেওঁলোকক সাংবিধানিক পদৰ পৰা আঁতৰাই দেশৰ আইন কানুন মানিবলৈ আহ্বান জনায় তেওঁ ৷ "বিৰোধী দল সকলৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা বন্ধ কৰা উচিত বিজেপি দলে"- এই বুলিও সংবাদমেলত মন্তব্য কৰে সমৰজিত হাফলংবাৰে ।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এখন সংবাদমেলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কৰা এটা বিতৰ্কিত মন্তব্য লৈ ডিমা হাছাও জিলাৰ বিজেপি নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য চেমুয়েল চাংছনে হাফলং থানাত এখন গোচৰ দাখিল কৰাৰ পিচতে হাফলং আৰক্ষীয়ে গোচৰ নম্বৰ 19/23/ US 153A 153B (1) 500/504/505(1) (B) 505(2) 120 IPC-ৰ অধীনত 23 ফেব্ৰুৱাৰীত ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাস আৰু হাফলং থানাৰ টিএছআই লখিন্দৰ শইকীয়া দিল্লীত উপস্থিত হৈ দিল্লী আৰক্ষীৰ সহযোগত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ কৰাৰ 1 ঘণ্টা পিচতে দেশৰ সৰ্বোচ্চ আদালতে পৱন খেৰাৰ অন্তৰৱৰ্তী কালীন জামিন মঞ্জুৰ কৰে ।

লগতে পঢ়ক : Majuli youth cheated: সুৰক্ষিত নহয় পান কাৰ্ডখনো, পান কাৰ্ডে সৰ্বস্বান্ত কৰিলে মাজুলীৰ যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.