ETV Bharat / state

CM in Dima Hassao: আকৌ নতুন প্ৰভাত হ’ব ডিমা হাছাওত

author img

By

Published : May 24, 2022, 5:17 PM IST

CM in Dima Hassao
CM in Dima Hassao

প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা ডিমা হাছাও জিলাৰ পৰিস্থিতিৰ বুজ ল’বলৈ মঙলবাৰে জিলাখনত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ সমগ্ৰ ডিমা হাছাও জিলাত যি ক্ষতি সাধন হ’ল সেয়া শীঘ্ৰেই পূৰণ কৰা হ’ব বুলি আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে ৷

ডিমা হাছাও, 24 মে’: প্ৰকৃতিক দুৰ্যোগৰ কৱলত পৰা ডিমা হাছাও জিলাৰ ক্ষতিগ্ৰস্ত এলেকা পৰ্যবেক্ষণ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma in Dima Hassao)। মঙলবাৰে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাক লগত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা হাফলং উপস্থিত হয় ৷ প্ৰথমে হাফলঙৰ বিভিন্ন ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰাৰ লগতে ল’ৱাৰ হাফলঙত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্গত সকলৰ খবৰ লয় (CM visits relief camps in Dima Hassao) ।

ইয়াৰ পিছতে হাফলং আৱৰ্ত ভৱনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, পাৰ্বত্য পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচা, বিধায়িকা নন্দিতা গাৰ্লোচা, জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াৰ লগত জিলাখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ৷ তেওঁলোকৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি বিধ্বস্ত হোৱা ডিমা হাচাও জিলাৰ ক্ষয়-ক্ষতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে (Himanta Biswa Sarma visits Dima Hassao)।

আকৌ নতুন প্ৰভাত হ’ব ডিমা হাছাওত

বৈঠকৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি মই আৰু মুখ্য সচিব হাফলঙত আহি উপস্থিত হৈ পাহাৰীয়া জিলাখনত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছোঁ । অহা 27 মে’ত কেন্দ্ৰীয় চৰকাৰৰ এটা দল হাফলঙত আহি উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ ল’ব (Central team to visit Dima Hassao)। ইয়াৰ পিছতে তেওঁলোকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব’’।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, প্ৰাকৃতিক দুৰ্যোগৰ ফলতে ডিমা হাছাও জিলাৰ সকলো বাট-পথ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে (Road damaged in Dima Hassao)। এই বাট-পথ নিৰ্মাণ এতিয়া চিন্তাৰ বিষয় হ’ব ৷ জলসিঞ্চন বিভাগৰ প্ৰকল্প, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প আদিও নষ্ট হৈছে ডিমা হাছাওত ৷ তাৰোপৰি বিদ্যুৎ সংযোগো বিধ্বস্ত হৈ পৰিছে জিলাখনত । যোৱা 5-10 বছৰত এই পাহাৰীয়া জিলাখন যেনেকৈ নিৰ্মাণ কৰা হৈছিল, সকলো এতিয়া বৰষুণে উটুৱাই লৈ যায় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে যে, দুই-এদিনৰ ভিতৰতে ডিমা হাছাও জিলালৈ সকলো বিষয়া-অভিযন্তা আহিব আৰু তেওঁলোকে পৰিকল্পনা যুগুত কৰিব ৷ ইয়াৰ পিছতে জিলাখনত পুনঃনিৰ্মাণৰ কাম আৰম্ভ হ’ব । তেওঁ কয় যে, ডিমা হাছাও জিলাৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা হৈছে ৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে একে লগে লগ লাগি এই পাহাৰীয়া জিলাখনৰ পুনঃনিৰ্মাণৰ কাম কৰি যাব বুলি মন্ত্যব কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Dima Hassao latest updates) ৷

অহা দুই-এদিনৰ ভিতৰতে জিলাৰ পথসমূহ সাময়িকভাৱে সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে পুঁজি আৱন্টন দিব । কেন্দ্ৰীয় চৰকাৰৰ দলে ডিমা হাছাও জিলাত হোৱা ক্ষয়-ক্ষতিৰ বুজ লৈ প্ৰতিবেদন দিয়াৰ পিচতে কেবিনেটে ক’ত কি পুঁজি আৱন্টন কৰিব লাগে সেয়া অনুমোদন জনাব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷ আনহাতে, ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত প্ৰয়োজন অনুযায়ী খাদ্য-সামগ্ৰী, পেট্ৰ’ল-ডিজেল আদি বায়ু সেনাৰ হেলিকপ্টাৰযোগে সৰবৰাহ কৰা হ’ব ।

লগতে পঢ়ক: ডিমা হাছাওৰ বানে ধোৱা অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.