ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ 25 লাখ টকা দান

author img

By

Published : Jul 31, 2019, 7:27 PM IST

বানাক্ৰান্তলৈ সাহায্য উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ

ৰাজ্যৰ বানাক্ৰান্তৰ সাহায্যৰ্থে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ আৰু মৰিগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ চেক প্ৰদান।

ডিমা হাছাও 31 জুলাই: ৰাজ্যত প্ৰলয়ংকাৰী বানে চলাইছিল তাণ্ডৱ। বানৰ ফলত অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত দুৰ্ভোগ ভুগিছে তেওঁলোকে। কেন্দ্ৰীয় চৰকাৰে এছ ডি আৰ এফৰ ধন মুকলি কৰি দিছে যদিও সেই ধন পৰ্যাপ্ত নহয়। সেয়েহে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসমৰ বানাক্ৰান্ত সকলৰ সহায়ৰ বাবে সকলোকে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছিল।

ৰাজ্যৰ বানাক্ৰান্তৰ সাহায্যৰ্থে আগবাঢ়ি আহিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ । উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে 25 লাখ টকা৷ বু্​ধবাৰে দিছ্পুৰত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছা আৰু অধ্যক্ষ ৰানু লাংথাচাই 25 লাখ টকাৰ চেক তুলি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ।

আনহাতে, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বানাক্ৰান্ত সকলক সহায়ৰ বাবে মৰিগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ চেক প্ৰদান। মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে আগবঢ়ালে 11, 200'00 টকাৰ চেক । মঙলবাৰে সন্ধিয়া জিলা সভাপতি ডাঃ নকুল চন্দ্ৰ বৰুৱা, সম্পাদক গম্ভীৰ মেধিয়ে জিলা উপায়ুক্ত ঋতু ৰাজ বৰাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে সাহায্য চেক ৷

Intro:ডিমা হাছাও ৩১ জুলাই: ৰাজ্যৰ বানাক্ৰান্ত সকলৰ সাহায্যত আগবাঢ়ি আহিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদ।Body:অসমত বানত আক্ৰান্ত হৈ পৰা ৰাজৰ সাহায্যৰ বাবে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী ত্ৰান তহবিলত আজি ২৫ লাখ টকা দিয়ে।Conclusion:আজি দিছ্পুৰত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্য্যবাহি সদস্য দেৱলাল গাৰ্লছা আৰু পৰিসদৰ অধ্যক্ষা ৰানু লাংথাচা ২৫ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত তুলি দিয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.