ETV Bharat / state

Army couple arrested: বনকৰা কিশোৰীক গৰম পানী ঢালি পাশৱিক অত্যাচাৰ সেনা বিষয়া আৰু পত্নীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:51 PM IST

Army couple arrested
বনকৰা কিশোৰীক গৰম পানী ঢালি পাশৱিক অত্যাচাৰ সেনা বিষয়া আৰু পত্নীৰ

এইবাৰ বনকৰা কিশোৰীক নিৰ্যাতন চলাই ৰঙাঘৰলৈ সেনা বাহিনীৰ মেজৰ আৰু পত্নী ৷ মেজৰৰ পত্নীয়ে শিশুটিৰ গাত গৰম পানী ঢালি দিয়াৰ লগতে গৰম প্ৰেচাৰ কুকাৰ লগাই আৰু কাপোৰ খুলি অত্যাচাৰ চলাইছিল অভিযোগ উত্থাপিত হৈছে।

বনকৰা কিশোৰীক গৰম পানী ঢালি পাশৱিক অত্যাচাৰ সেনা বিষয়া আৰু পত্নীৰ

হাফলং, 25 ছেপ্টেম্বৰ: শিশু নিৰ্যাতনৰ ঘটনাত এইবাৰ হাফলং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল সেনা বাহিনীৰ এগৰাকী বিষয়া আৰু তেওঁৰ পত্নী। হাফলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম ৰাইফলছৰ মেজৰ শৈলেন্দ্ৰ যাদৱ আৰু তেওঁৰ পত্নী কিমি ৰালচনক।

হাফলং আৰক্ষীয়ে জনোৱা অনুসৰি, অসম ৰাইফলছৰ মেজৰ শৈলেন্দ্ৰ যাদৱৰ পোষ্টিং আছিল হিমাচল প্ৰদেশৰ ধৰমশালাত। ইয়াৰ পূৰ্বে মেজৰ শৈলেন্দ্ৰ যাদৱৰ যেতিয়া হাফলঙত পোষ্টিং আছিল তেতিয়াই তেওঁ বিবাহপাশত বহিছিল হাফলং চহৰৰ বাসিন্দা কিমি ৰালচনৰ লগত । ইয়াৰ পিচতে মেজৰগৰাকী হাফলঙৰ পৰা বদলি হৈ যায়।

তেতিয়া তেওঁৰ পত্নী কিমি ৰালচনে ঘৰৰ কাম কাজত সহায়ৰ বাবে সংপিজাং গাঁৱৰ এগৰাকী ছোৱালীক লগত লৈ যায়। কিন্তু অভিযোগ অনুসৰি কিছুদিন যোৱাৰ পিচতে মেজৰ শৈলেন্দ্ৰ যাদৱৰ পত্নী কিমি ৰালচনে শিশুটোৰ ওপৰত বিভিন্ন সময়ত নিৰ্যাতন চলাই আহিছিল । ইমানেই নহয় মেজৰৰ পত্নীয়ে শিশুটিৰ গাত গৰম পানী ঢালি দিয়াৰ লগতে গৰম প্ৰেচাৰ কুকাৰ লগাই আৰু কাপোৰ খুলি অত্যাচাৰ চলাইছিল অভিযোগ উত্থাপিত হৈছে।

ইয়াৰ পিচতে আজিৰ পৰা দুই প্ৰায় তিনিদিন পূৰ্বে মেজৰ পত্নীগৰাকীয়ে এই শিশুটিক হাফলঙলৈ আহে আৰু তেওঁৰ পৰিয়ালৰ হাতত গতাই দিয়ে। তাৰ পিচতে শিশুটিয়ে তেওঁৰ পৰিয়ালৰ ওচৰতে তেওঁৰ ওপৰত হোৱা অত্যাচাৰ আৰু নিৰ্যাতনৰ কথা জনোৱাৰ পিচতে এই শিশু গৰাকীৰ পৰিয়ালে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই অভিযোগৰ ভিত্তিত মেজৰৰ পত্নী কিমি ৰালচনক হাফলঙৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ তাৰ পিচতে তেওঁৰ স্বামী মেজৰ শৈলেন্দ্ৰ যাদৱ হাফলঙলৈ অহাত তেওঁকো গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে।

সোমবাৰে দম্পতীটোক হাফলং ন্যায় দণ্ডাধীশৰ অতিৰিক্ত আদালতত হাজিৰ কৰোৱা হয়। আদালতে দম্পতীটোক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে ভুক্তভোগী শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়া অনুসৰি মেজৰ আৰু তেওঁৰ পত্নীয়ে কন্যাৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱাৰ ফলত বৰ্তমানে শিশুটিক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ তেওঁৰ কন্যাৰ ওপৰত এনে শাৰীৰিক অত্যাচাৰ চলোৱা স্বামী আৰু স্ত্ৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে শিশুটিৰ মাতৃয়ে ।

ইপিনে এই ঘটনাক লৈ হাফলঙত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত হাফলং সংপিজাং গাঁৱৰ মহিলাসকলে হাফলং থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

লগতে পঢ়ক: Attempt to murder: মধ্যাহ্ন ভোজনৰ চাউল নিদিয়াৰ বাবে প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুস্কৃতিকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.