ETV Bharat / state

Amritpal Singh Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰিলে পত্নী কিৰণদ্বীপ কৌৰৰ

author img

By

Published : Jul 13, 2023, 6:31 PM IST

অমৃতপাল সিঙক বৃহস্পতিবাৰে পুনৰ সাক্ষাৎ কৰিলে পত্নী কিৰণদ্বীপ কৌৰে ৷ কিৰণদ্বীপ কৌৰৰ লগত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আহি উপস্থিত হয় কেইবাগৰাকীও পৰিয়ালৰ লোক ৷ বিগত দুমাহ ধৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে 10 খালিস্তানপন্থী নেতা ৷

Amritpal Singh Update
Amritpal Singh Update

অমৃতপাল সিঙক সাক্ষাৎ কৰিলে পত্নী কিৰণদ্বীপ কৌৰৰ

ডিব্ৰুগড়, 13 জুলাই: বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙক সাক্ষাৎ কৰিলে তেওঁৰ পত্নী কিৰণদ্বীপ কৌৰে ৷ প্ৰায় এঘণ্টা ধৰি স্বামীক সাক্ষাৎ কৰিলে কিৰণদ্বীপ কৌৰে ৷ পৰিয়ালৰ কেইবাজনো সদস্যৰ সৈতে স্বামীক সাক্ষাৎ কৰি কাৰাগাৰৰ পৰা ওলাই অহা সময়ত অৱশ্যে পত্নী কিৰণদ্বীপে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে ৷

আনহাতে অমৃতপালক সাক্ষাৎ কৰাৰ সময়ত আৰক্ষীয়ে কঠোৰভাৱে নিৰীক্ষণ কৰি থকা বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷ উল্লেখ্য যে বিগত প্ৰায় দুটা মাহ ধৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগৰত বন্দী হৈ আছে খালিস্তানপন্থী নেতা অমৃতপাল সিঙসহ তেওঁৰ 10 সহযোগী ৷ পৃথক খালিস্তান দাবী কৰা পঞ্জাৱৰ ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ নেতা অমৃতপাল আছিল অমৃতপাল সিং ৷

মন কৰিবলগীয়া যে কাৰাগাৰত বন্দী খালিস্তানপন্থী নেতাই পৰিয়ালৰ লোকৰ হাতত এখন চাৰি পৃষ্ঠা জোৰা পত্ৰ প্ৰেৰণ কৰাৰ পাচতেই অধিক কঠোৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু কাৰাগাৰ কৰ্তৃপক্ষ ৷

বিগত 29 জুন তাৰিখেও অমৃতপালক সাক্ষাৎ কৰিছিল তেওঁৰ পত্নীয়ে ৷ তাৰ পাচতেই বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অমৃতপালে কাৰাগাৰত খোৱাৰ সমস্যা পোৱা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল ৷ কিন্তু সেই কথা নস্যাৎ কৰি অমৃতপালক প্ৰয়োজন হ’লে ম’বাইল ফোনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খোৱা-বোৱাৰ ক্ষেত্ৰতো কোনো সমস্যা পোৱা নাই বুলি দাবী কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষ আৰু ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

খাদ্যৰ ক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা কথাও জানিবলৈ দিছিল উপায়ুক্তগৰাকীয়ে । তেওঁলোকৰ পৰা খাদ্যৰ তালিকা লৈ খাদ্য যোগানৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰিছিল উপায়ুক্ত পেগুয়ে ।

লগতে পঢ়ক: Amritpal Singh Update: ৰাজ আতিথ্যত ডিব্ৰুগড়ৰ কাৰাগাৰত দিন পাৰ কৰিছে অমৃতপাল সিঙসহ 10 খালিস্তানীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.